♦ জুবিনৰ গীতত মুহিত হ’ল ভকত-বৈষ্ণৱ  

তেজপুৰঃ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ দ্বাদশ দি বাৰ্ষিক অধিৱেশন সোমবাৰে নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠনৰে সামৰণি পৰে।

চাৰিটা দিনত লক্ষাধিক ভকত-বৈষ্ণৱ সমবেত হোৱা অধিৱেশনখনত যোৱা নিশা অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে সংগীত পৰিৱেশনৰ লগে লগে অসম বৈদিক বৈষ্ণৱ মহাসভাক নতুন ৰূপ প্ৰদান কৰে।

তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামী আৰু অসম বৈদিক বৈষ্ণৱ মহাসভাৰ শোনিতপুৰ জিলা সমিতিৰ সভাপতি জগত শইকীয়াই  আনুষ্ঠানিকভাৱে মুকলি কৰা সাংস্কতিক অনুষ্ঠানৰ আৰাম্ভণিতে সংগীত শিল্পী পংকজ বৰদলৈ আৰু সাংবাদিক মনোজ কুমাৰ শইকীয়াক সম্বধনা জনোৱা হয়।

ভোৰতাল নৃত্য আৰু বিহুনৃত্যৰ পাছতে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানে ভকত-বৈষ্ণৱসকলক মুহিত কৰে। ৮ মাৰ্চৰপৰা অনিষ্ঠিত অধিৱেশনখনত ৰাইজৰ অকুষ্ঠ সহাৰিয়ে সফল কৰি তুলিলে।