তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰাৰ আমাৰীবাৰীত এখন দলং নিৰ্মানক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।  বালিপৰাৰ পৰা  ৰঙাপৰা মিচামাৰী  যোৱা পথছোৱাত আমাৰীবাৰীৰ কালনী নদীৰ ওপৰত চৰকাৰী পথ নিৰ্মাণ সংস্থা GREFয়ে  নিৰ্মাণ কৰি থকা এখন দলঙক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

পথ নিৰ্মাণ সংস্থা, চমুকৈ GREFয়ে নিৰ্মাণ কৰি থকা পুৰণি দলংখনৰ কাষতে পুনৰ এটা নতুনকৈ কালভাৰ্ট নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি ক্ষুদ্ধ হৈ পৰিছে আমাৰিবাৰীৰ স্থানীয় ৰাইজ। কিয়নো আগৰ দলংখনৰপৰা মাত্ৰ ৬ মিটাৰ নিলগত নিৰ্মাণ কৰা এই কালভাৰ্টে বৃহত্তৰ অঞ্চলবাসীলৈ কঢ়িয়াই আনিব পাৰে চৰম ভাবুকি। 

নতুনকৈ নিৰ্মাণ হৈ থকা দলংখনৰ কাষতে আছে এখন ৰাজহুৱা শ্মশান আৰু খেতিপথাৰ। ৰাইজৰ অভিযোগ, যদিহে উক্ত কালভাৰ্টটো নিৰ্মাণ কৰা হয়, তেন্তে বাৰিষাত কালভাৰ্টৰপৰা অহা নদীখনৰ বাঢ়নী পানীয়ে ৰাজহুৱা শ্মশানখনৰ লগতে নষ্ট কৰিব পাৰে বহুলোকৰ খেতিপথাৰ। 

আমাৰীবাৰী অঞ্চলৰ ৰাইজে পথ নিৰ্মাণ সংস্থাক উক্ত কালভাৰ্টটো নিৰ্মাণ নকৰিবলৈ বহুবাৰ কাকূতি-মিনতি কৰে যদিও তেওলোকে এই কথাত কোনো গুৰুত্ব নিদিয়াত গাঁওবাসী ৰাইজ আৰু GREFৰ বিষয়াসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। 

শেষত ৰঙাপৰা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাতহে উত্তপ্ত পৰিস্থিতি শাম কাটে।