*  মৃত্যুৰ কাৰণক লৈ তদন্তৰ আশ্বাস জিলা প্ৰশাসনৰ
* "সন্দেহযুক্ত বিদেশী মৃত জ্বব্বৰ আলী কেনেকৈ ভাৰতীয় হল ?"- আমছু

newsnextoneওদালগুৰি, ৫ অক্টোবৰঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ধনশ্ৰী খুটি গাঁওৰ জব্বৰ আলী(৬৫) নামৰ ব্যক্তিগৰাকী সন্দেহযুক্ত বিদেশীৰ সন্দেহত  বিগত ২০১৫ চনৰ পৰাই তেজপুৰ ডিটেনচন কেম্পত বন্দী হৈ আছিল। আমছুৰ ওদালগুৰি জিলা সমিতিৰ নেতৃত্ব‌ই সাংবাদিকক অভিযোগ কৰা মতে বিদেশী ন্যায়ধীকৰণৰ  Ft(2)905/2007,WP(C)7353/2015 নং গোচৰমৰ্মে কাৰাবাসত আবদ্ধ জব্বৰ আলীৰ যোৱা ৪ অক্টোবৰ তাৰিখে মৃত্যু হয়। 

সন্দেহযুক্ত বিদেশীৰ সন্দেহত আবদ্ধ কৰি ৰখা মৃত জব্বৰ আলীৰ শৱদেহ ধনশ্ৰীখুটিৰ পৰিয়ালক চমজাই দিবলৈ অহাৰ সময়ত ওদালগুৰি জিলা আৰক্ষীয়ে মৃত্যুদেহটো দণ্ডাধীশ অবিহনে ততাতৈয়াকৈ জানাজা সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছিল যদিও সেই সময়ত আমছু, মুছলিম ছাত্ৰ সন্থা আৰু এ বি আমছুৰ নেতৃত্ব উপস্থিত হোৱাৰ পিছত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 

মৃত জব্বৰ অালীক জানাজা দিয়াৰ বাবে উক্ত স্থানত সমৱেত হৈছিল হাজাৰ হাজাৰ লোক। লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ওদালগুৰিৰ উপ-আৰক্ষী অধীক্ষক মইদুল ইছলামে এক বিশাল আৰক্ষী আৰু চি আৰ পি এফৰ বাহিনীৰ সৈতে উপস্থিত হয়। ইয়াৰ পাছত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক নোহোৱাকৈ জব্বৰ আলীক কবৰ দিয়া নহয় বুলি সংগঠন কেইটাৰ নেতৃত্বই ঘটনাস্থলীত উক্ত নিশাই দাবী উত্থাপন কৰে।পৰৱৰ্তী সময়ত দল-সংগঠন আৰু ৰাইজৰ দাবীত সেও মানি নিশা প্ৰায় ৯ বজাত জানাজাস্থলীত জিলা উপায়ুক্তৰ হৈ উপস্থিত হয় অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে যতীন বৰা আৰু প্ৰাঞ্জল দাস। পিছত সংগঠনসমূহৰ নেতৃত্বই অতিৰিক্ত উপায়ুক্তদ্বয়ক দাবী  কৰিছিল যে মানুহজন বিদেশী নে স্বদেশী তাক স্পষ্ট কৰিব লাগে। দ্বিতীয়তে পৰিয়ালটো গোচৰৰ বাবে ক'ৰ্টলৈ অহা যোৱা কৰি আৰ্থিকভাৱে জুৰুলা হোৱাত পৰিয়ালটোক ১০লাখ টকাৰ ক্ষতিপূৰণ দিয়া আৰু ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনায়। অন্যথা মৃত্যু ব্যক্তি গৰাকীক কবৰ দিয়া নহব বুলি উপস্থিত সংগঠনকেইটাৰ নেতৃত্ব‌ই দাবী কৰে। এইক্ষেত্ৰত অতিৰিক্ত উপায়ুক্ত যতীন বৰাই কয় যে মৃত জব্বৰ আলী ওদালগুৰি জিলাৰে বাসিন্দা। প্ৰশাসনে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিব আৰু মৃত ব্যক্তি গৰাকীৰ পৰিয়ালক আৰ্থিক সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়াত ইছলাম ধৰ্মীয় ৰীতি নীতিৰে জনাজা সম্পন্ন হয় বুলি আমছুৰ নেতৃত্ব‌ই সাংবাদিকক অৱগত কৰে। 
ইফালে ওদালগুৰি আৰক্ষীৰ তৰফৰ পৰা কালি সাংবাদিকক জানিব দিয়া হৈছিল যে যে মৃত লোকজন দীৰ্ঘদিনৰ পৰা হাপানী ৰোগত আক্ৰান্ত হৈ আছিল আৰু অৱশেষত সেই ৰোগতে সন্দেহজনক লোকজনৰ মৃত্যু হৈছিল। 

উক্ত জানাজাস্থলীত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বদৰুল ইছলাম, আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ছফিকুল ইছলাম,আমছুৰ ওদালগুৰি জিলা সভাপতি ফুলমামুদ আলি, এবি,বি আমছুৰ কেন্দ্ৰীয় সদস্য ৰফিকুল ইছলাম, ওদালগুৰি জিলা সমিতিৰ জিয়াৰুল হক। এতিয়া প্ৰশ্ন হয় মৃত লোকজনৰ মৃত্যুৰ কাৰণ সচাঁকৈ হাপানী ৰোগ নে আন কিবা কাৰণ ইয়াত জড়িত হৈ আছে? ইফালে যদি সচাঁকৈয়ে লোকজন ওদালগুৰিৰ বাসিন্দা আছিল তেন্তে দীৰ্ঘদিন ধৰি কিয় ডিটেনচন কেম্পত লোকজনক বন্দী কৰি ৰখা হৈছিল তাক লৈও ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত বৰ্তমানলৈ জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ ভাষ্য প্ৰকাশ কৰা হোৱা নাই।

অঞ্জনজ্যোতি শৰ্মা,ওদালগুৰি