তেজপুৰঃ তেজপুৰৰ দাতিকাষৰিয়া ডিপোটা বামুন চুবুৰীত দেওবাৰৰপৰা দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব অখণ্ড ভাগৱত পাঠ৷

আজি পুৱা ভাগৱত লৈ অনুষ্ঠিত শোভাযাত্ৰা মুকলি কৰে মিলনবাকৰি ৰাস মহোৎসৱৰ বায়ন বিৰেন বৰুৱাই। অঞ্চলটোত যাত্ৰা চলোৱা ভাগৱত যাত্ৰাই ৰাইজৰ মাজত ভক্তি ৰস প্ৰৱাহমান হয়। তেজপুৰৰ বহুকেইজন প্ৰতিষ্ঠিত পাঠকে ভাগৱত পাঠ আৰু বাখ্যত ভাগ লোৱাৰ লগতে স্থানীয় ভক্ত ৰাইজেও আগভাগ লয়৷