তেজপুৰঃ তেজপুৰৰ দাঁতি কাষৰীয়া অঞ্চলত এতিয়াত অব্যাহত আছে চুলাই মদৰ অবৈধ বেহা। কেইদিনমানৰ পূৰ্বে গোলাঘাট, যোৰহাটত চুলাই খাই প্ৰায় দুই শতাধিক লোকৰ প্ৰাণ লোৱাৰ পিছতো কোনো প্ৰভাৱেই পৰা নাই তেজপুৰৰ ঘগৰা আৰু নপাম চাহ বাগিচা এলেকাত।

শনিবাৰে তেজপুৰৰ ঘগৰা আৰু নপামত দিনদুপৰতে চুলাই মদৰ বিৰুদ্ধে অভিযান। হাতে হাতে লাঠি লৈ চুলাই অভিযানত নমাসকল অৱকাৰী বিভাগৰ কৰ্মী নহয়। অভিযানত নামিছে বেবেজিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ দাসৰ নেতৃত্বৰ আৰক্ষীসকল৷ যোৰহাট আৰু গোলাঘাটত চুলাই ট্ৰেজেদিৰ পাছত যাতে চাহ বাগিছা অঞ্চলত যাতে কোনো কাৰণতে চুলাই প্ৰচলন সম্পূৰ্ণ ৰূপে বন্ধ হয় তাৰ বাবে আৰক্ষীয়ে পহৰা দিয়াৰ লগতে তালাচী অব্যাহত ৰাখিছে৷

আজি তেজপুৰ চহৰত পাশ্বৱতী ঘগৰা আৰু নপাম চাহ বাগিছাত অভিযান চলাই ৫ গৰাকী যুৱকক কৰায়ত্ব কৰি ৫০০০ লিটাৰ চুলাই সহ আটক কৰি উত্তম মাধ্যম শুধায়৷।