
তেজপুৰঃ অৱশেষত মুৰ দোৱাই সেও মানিলে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই৷ তেজপুৰৰ সাংবাদিকৰ লগত হোৱা টেলিফোনৰ বাৰ্তাত তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই কয় যে তেজপুৰৰপৰা হিমন্ত বিশ্ব শৰ্মাই টিকট পোৱাটো খাটাং।
বিজেপিৰ হৈ হিমন্ত বিশ্ব শৰ্মাই টিকট লৈ নিৰ্বাচন খেলিব। ময়ো চেষ্টা কৰি আছো যদিও হিমন্তই টিকট পাবই বুলি মন্তব্য কৰে ৰাম প্ৰসাদ শৰ্মাই৷
মই কি কৰো একো চিন্তা কৰা নাই বুলি উল্লেখ কৰি ৰাম প্ৰসাদ শৰ্মাই লগতে কংগ্ৰেছত যোগদান কৰা বাতৰি সম্পৰ্কত কংগ্ৰেছত যোগদান কৰাৰ কথা তেওঁ বৰ্তমানলৈকে ভবা নায়৷ লগতে এই বিষয়ত কোনো ধৰণৰ সিদ্ধান্তৰ কথাও চিন্তা কৰা নাই বুলি ৰাম প্ৰসাদ শৰ্মাই ৰাজহুৱাভাৱে দোহাৰে৷