28
Jan
2019

তেজপুৰঃ শোনিতপুৰৰ বালিপৰাত সোমবাৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ সহ এখন ট্ৰাক জব্দ কৰা হয়৷ চোৰাং কাঠ ব্যৱসায়ীৰ এয়া এক নতুন কৌশল বুলি জানিব পৰা গৈছে। চোৰাং কাঠ কঢ়িয়াবলৈ ব্যবহাৰ কৰা হ'ল ঘৰুৱা চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক।
আজি পুৱতি নিশা ঘৰুৱা চিলিণ্ডাৰ কঢ়িওৱা AS12E-1888 নম্বৰৰ এখন ট্ৰাকেৰে অৰুণাচলৰ ভালুকপুঙৰপৰা তেজপুৰ অভিমুখে চোৰাং কাঠসমূহ লৈ যোৱা সময়তে আমাৰীবাৰী বন বিভাগৰ এটি তহলদাৰী দলে বালিপৰাত জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনসহ দুজনক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন লোকদুজনৰ নাম অনিল ৰাভা আৰু কমল দাস। পুৱতি নিশা প্ৰায় ৩ মান বজাত আমাৰীবাৰী বন বিভাগে বালিপৰা চেন্টাৰৰ সমীপত জব্দ কৰে এই কাঠখিনি৷ জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে৷