তেজপুৰঃ শোণিতপুৰৰ চাৰিদুৱাৰত আজি আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানত জব্দ কৰে ১০ কাৰ্টুন অবৈধ বিলাতীসুৰা।

লগতে ভালুকপুং ডেকাৰগাওঁ ডনিপ'ল এক্সপ্ৰেছৰ পৰা জব্দ কৰা সুৰাখিনিৰ আনুমানিক মূল্য ২৫ হাজাৰ টকা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে উত্তৰ অসমৰ একাংশ ৰেলৱে ষ্টেচনৰ যোগেদি অবৈধ অৰুনাচলী সুৰা সৰবৰাহৰ দীৰ্ঘদীন ব্যৱসায় চলি আহিছে বুলি একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।