newsnextone.com। তেজপুৰঃ চৌদিশে এতিয়া শৰতৰ সুবাস। শৰত মানেই যেন শাৰদীয় উৎসৱৰ বতৰ। মাত্ৰ কেইদিনমানৰ পিছতে আৰাম্ভ হব শাৰদীয় দুৰ্গা পূজা। এতিয়া সকলো মৃন্ময় শিল্পী ব্যস্ত হৈ পৰিছে প্ৰতিমা সজাত।

তেজপুৰৰ গ্ৰামাঞ্চলৰ প্ৰায় দেৰ শতাধিক পূজাৰ বাবে মা দুৰ্গাৰ প্ৰতিমা সজাত  ব্যস্ত হৈ পৰিছে দুই ভাস্কৰ্য শিল্পী। এই দুয়োগৰাকী শিল্পী এতিয়া অধিক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এই মৃন্ময় শিল্পী দুজন হল, খেমেশ্বৰ বৰা আৰু টংকেশ্বৰ কলিতা।

তেজপুৰ তেলেৰিয়াৰ খেমেশ্বৰ বৰাই বহু কেইখন পূজাৰ বাবে প্ৰতিমা সজাত ব্যস্ত হৈ পৰিছে। শিশু অৱস্থাৰ প্ৰতিমা সজাত মনোনিৱেশ কৰা বৰাই এইবাৰ মিলনপুৰ, ডেকাৰগাঁও আৰু গৰৈমাৰি অঞ্চলৰ পূজাৰ বাবে প্ৰতিমা সজাত ব্যস্ত হৈ পৰিছে দ্ৰৰিদ্ৰ শিল্পী গৰাকী।

বিহগুৰি অঞ্চলৰ আন এজন চিৰ পৰিচিত শিল্পী টংকেশ্বৰ কলিতা। মাত্ৰ ১৪বছৰ বয়সৰ পৰা দুৰ্গাৰ প্ৰতিমাৰ লগতে অন্যান্য প্ৰতিমা সজাত ব্যস্ত থকা কলিতাই এইবাৰ চাৰি কুৰি প্ৰতিমা সজাত ব্যস্ত হৈ পৰিছে। এই শিল্পী সকলে তেজপুৰৰ দাতিকাষৰিয়া এলেকাৰ ডেৰ শতাধিক দুৰ্গা পূজা সমিতিৰ দুৰ্গা পূজাৰ বাবে প্ৰতিমা নিৰ্মানত ব্যস্ত হৈ পৰা বুলি জানিব পৰা গৈছে।