
তেজপুৰঃ সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহতো দেখা পোৱা গৈছে ভক্তৰ ভিৰ। ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰো।
পুৱাৰপৰা নিশালৈ অগণন ভক্তই মন্দিৰৰ লিংগত গাখীৰ, বেলপাত আদিৰে ধুই ভগৱান শিৱৰ ওচৰত আশীৰ্বাদ বিচাৰিছে। শোনিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ লগতে প্ৰাক্তন মুখমন্ত্ৰী প্ৰফুল্ল মহন্তকে ধৰি বিভিন্ন ৰাজনৈতিক নেতা আৰু জিলা প্ৰসাশনৰ বিষয়ববীয়াৰ লগতে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখা যায় নিশা পূজাত ভাগ লোৱা।
শিৱৰাত্ৰি উপলক্ষে মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে মেলাৰো।