21
Jun
2019

অপুৰ্ব বৰা, তেজপুৰঃ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিষ্ণুৰাভা দিৱসৰ লগত ৰাখি কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
য’ত উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থা ৰ সম্পাদক লুইন জ্যোতি গগৈ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, কেন্দ্ৰীয় সদস্য নিতুল বৰা ডাঙৰীয়া শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ দাস আদিয়ে অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনায়।
অনুষ্ঠানটি স্থানীয় শিল্পী সকলৰ দ্বাৰা সমবেট সংগীতৰ আৰম্ভ কৰা হয়। তেজপুৰৰ বিশিষ্ট শিক্ষাবিধ পুনেশ্বৰ নাথে কৃতি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি ব্যক্তব্য ৰাখে। ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।