♦ ৩ৰ পৰা ৯ জানুৱাৰীলৈ হৈছে এই সমাৰোহ

তেজপুৰঃ বৃহস্পতি বাৰৰেপৰা তেজপুৰত অনুষ্ঠিৰ হৈছে কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট সমাৰোহ।

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ অন্যতম কাণ্ডাৰী, অভিনেতা, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণথিয়েটাৰৰ সাধাৰণ সম্পাদক, কাৰ্তিক হাজৰিকাৰ সোঁৱৰণত আজিৰেপৰা ৯ জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰত অনুষ্ঠিত হ'ব "কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট মহোৎসৱ"।

পুৱা  আবছুৰ সভাপতি প্ৰমোদ বড়োৱে জাতীয় পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ তৰ্পন, সম্বধনা অনুষ্ঠানৰে    ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু বিশিষ্ট শিল্পীৰ সমাহাৰে নাট মহোৎসৱৰ কাৰ্যসূচীৰ পাতনি মেলা হয়।

এই মহোৎসৱৰ লগত সংগতি ৰাখি নাট সম্বন্ধীয় গুৰুত্বপূৰ্ণ আলোচনা, প্ৰদৰ্শনী, গ্ৰন্থ মেলা, ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচীকে ধৰি উত্তৰ পুৰুষৰ বাবে বহু বাৰ্তাবাহক কাৰ্যসূচী সম্পন্ন কৰি বিভিন্ন কাৰ্যসূচীৰ পাতনি মেলা হয়।