♦ শোণিতপুৰৰ খনামুখ ৰৌমাৰীত মিছিং স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পল্লৱলোচন দাস

তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিলক কেন্দ্ৰ কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে। বিলখনে অসমীয়া মানুহক কেতিয়াও ক্ষতি নকৰে। ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পাছত অহাবোৰ নাগৰিক নহয়, বিদেশী।
গতিকে অসমীয়া মানুহে ভয় কৰাৰ কোনো কাৰণ নাই। মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল তথা হিমন্ত বিশ্ব শৰ্মাই বিল সন্দৰ্ভত সকলোবোৰ কথা স্পষ্ট কৰি দিয়াৰ পাছতো ৰাজ্যত অপপ্ৰচাৰ চলাইছে একাংশই। এই মন্তব্য ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা মন্ত্রী পল্লৱলোচন দাসৰ।
ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত মিছিং স্বায়ত্ব শাষিত পৰিষদৰ অন্তৰ্গত ২৬ নং জীয়াভৰলী সমষ্টিৰ বি জে পিৰ প্ৰাৰ্থী ৰাজু চিন্তেৰ হৈ অনুষ্ঠিত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্রীগৰাকীয়ে। তদুপৰি মিছিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ২৬ নং জীয়াভৰলী সমষ্টিত কংগ্ৰেছ আৰু গণশক্তি কোনো ফেক্টৰ নহয় বুলি কোৱাৰ লগতে বি জে পিয়ে ১০০ শতাংশ ফলাফল লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী পল্লৱলোচন দাসে।
উল্লেখ্যে যে, এইবেলি ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত মিছিং স্বায়ত্ত শাসিত পৰিষদৰ ২৬ নং জীয়াভৰলী সমষ্টিৰপৰা কংগ্ৰেছ, গণশক্তি আদি বিভিন্ন দলৰপৰা সৰ্বমুঠ পাঁছজনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।