04
Apr
2019

তেজপুৰঃ অসমীয়া বাপুতি সাহোন ৰঙালী বিহুটিলৈ মাজত মাথোন কেইটিমান দিন। ইয়াৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বতাহ ৰাজ্যৰ লগতে দেশতো বলিছে৷
বৰ্তমান অসমৰ চৌদিশে বিহুৰ প্ৰস্তুতি চলি আছে৷ পিছ পৰি ৰোৱা নাই ৰাজনৈতিক দল সমুহো। ব্যস্ত হৈ পৰিছে বিজেপিৰ নেতা কৰ্মীসকলো।
বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ সমৰ্থকসকলে বিহুৰ নামৰ চেৱে নাচি নাচি আনন্দ কৰা দেখা গ’ল। লগতে প্ৰাৰ্থী পল্লৱ লোচন দাসেও আত্মহাৰা হৈ নাচ গান কৰা পৰিলক্ষিত হৈছে৷