29
Mar
2019

তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰথমখন নিৰ্বাচনী সভা বৃহস্পতিবাৰে অনুষ্ঠিত কৰাৰ পিছত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷
দাসে কয় যে "কংগ্ৰেছ কা হাত দালালো কী সাথ" সেয়ে কংগ্ৰেছৰ কটা হাত, চুৰি কৰা হাত তেজপুৰ সমষ্টিৰপৰা চিৰ বিদায় দি বিভিন্ন জাতি জনগোষ্ঠী, ভাষা-ভাষী, সকলো ধৰ্মাৱলম্বী লোকৰ সম-অধিকাৰ, সম-বিকাশ, সম-মৰ্যদা প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ। সেয়ে সংখ্যালঘু সংখ্যাগুৰু মিলি কৰিব লাগিব ভাৰতক বিশ্বগুৰু।
লগতে মূল্যবৃদ্ধি ৰোধ কৰাত সমৰ্থ হোৱা বিজেপিক পদুম ফুলত ভোট দিবলৈ আহ্বান জনায় অগপ, বি পি এফ আৰু বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে। লগতে কয় যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক সমলোচনা কৰাৰ লগতে আৰ পি শৰ্মাই তেওঁক সহায় কৰিব বুলি মন্তব্য কৰে৷