তেজপুৰঃ ‘আমি চিনু পাল। আমি মৰাৰ আগে সত গেলে বলিলাম আমাৰ মৰাৰ কাৰণ তেজপুৰ কেৱল নেট ওয়াক। 

তেজপুৰ কেবল নেটউৰ্কৰ বলেন শইকীয়া দায়ী। বলেন শইকীয়া আমাক পুতলা মত নাচিচে আমাৰ মৰাৰ কাৰণ বলেন শইকীয়া।

আমি তাৰ জন্য তেজপুৰেৰ সৱ অপেৰেটাৰ মিলিয়া উচিত হয় তা কৰাৰ জন্য অনুৰোধ জনাইলাম। NXT, TCN সকল অপেৰেটাৰৰ কাচে অনুৰোধ সনাই যাহাতে ভাল ভাবে থাকে তাৰ জন্য অনুৰোধ --- আমি চিনু বলছি৷’ 

এইয়া এক ছুইচাইড নোট। তেজপুৰত এজন কেবল অপাৰেটৰৰ আত্মহত্যা। কিন্ত এই আত্মহত্য কিয়? কেন্দ্ৰীয় চৰকাৰে কেবল টিভি সম্পৰ্কত বলবৎ কৰা নতুন নিয়মৰ পৰিপ্ৰেক্ষিতত চিনু পাল নামৰ কেবলৰ এগৰাকী কৰ্মচাৰীয়ে বৃহস্পতিবাৰে ৰাতি আত্মহত্যা কৰে৷ 

তীব্ৰ আৰ্থিক দৈন্যৰ কাৰণে আত্মহত্যাৰ পথ বাছি লোৱা ৫৫ বছৰীয়া চিনুৰ ঘৰ তেজপুৰ গাৰোৱান পট্টিত৷ আনহাতে চিনুৰ মৃত্যু সম্পৰ্কত কেবুলৰ এগৰাকী স্বত্বাধিকাৰ স্মৃতি বৈশ্য আৰু এগৰাকী অপাৰেটৰে এইদৰে কয়৷

এজন কেবল অপাৰেটৰৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে তেজপুৰক। কেবল অপাৰেটৰৰ অপমৃত্যুৰ বাবে পৰিয়াল আৰু বন্ধুবৰ্গই জগৰীয়া কৰিলে কৰ্মক্ষেত্ৰৰ বেমেজালিক। TRAIৰ নতুন নিয়মৰ বাবেই এই বেমেজালিৰ সৃষ্টি হোৱাৰো অভিযোগ আনিলে কেবল অপাৰেটৰৰ বিস্ফোৰক অভিযোগ ছুইচাইড নোটত। এই লৈ আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।