
newsnextone.com| তেজপুৰঃ তেজপুৰৰ বেচেৰিয়া বাকৰি গাৱত এজন লোকে নিজৰ পত্নীক নৃশংস ভাৱে হত্যাৰ চেষ্টা কৰি নিজেও আত্মহনন কৰা বাতৰিয়ে চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে বেচেৰিয়া বাকৰি গাৱৰ নিবাসী তথা জীতেন নাথ হত্যাৰ অভিযোগত অভিযুক্ত যাৱত জীৱন দণ্ডৰে দণ্ডীত কাৰাগাৰৰ পৰা ছুটি লৈ ঘৰলৈ আহিছিল৷ কেইদিন মান ঘৰত থকাৰ পিছত যোৱা নিশা জিতেন নাথে নিজৰ পত্নীক অন্য লোকৰ লগত সম্পৰ্ক থকাৰ অভিযোগত চোকা দাৰে নৃশংস ভাৱে ঘপিয়াই হত্যা কৰিবলৈ চেষ্টা কৰে।
অৱশ্যে পত্নী মৃত্যু হোৱা বুলি ভাৱি নিশাই জিতেন নাথে ঘৰৰ বাৰীৰ এজোপা গছত গৈ আত্মহত্যা কৰে। আৰক্ষীয়ে ৰাইজৰ সহযোগত মূমুৰ্ষ অৱস্থাত প্ৰথমে তেজপুৰত চিভিল হাস্পতালত ভৰ্তি কৰে৷ পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। জিতেন দাসৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিছে। উল্লেখ্য যে জিতেন দাস নামৰ লোক জনে কেইবছৰ পূৰ্বে তেওঁৰ পত্নীৰ লগত অসংযত অৱস্থাত গাৱৰে মৃদুল দাস নামৰ যুৱক এজনক উদ্ধাৰ কৰি যুৱক জনক হত্যা কৰি নিজৰ পাকঘৰত পুঁতি থৈছিল। এই ঘটনাৰ বাবে জিতেন দাসক আদালতে যাৱত জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। কাৰাগাৰৰ পৰা ছুটি লৈ আহি এই দৰে পত্নীক হত্যাৰ চেষ্টা কৰি নিজে আত্মহনন কৰিলে।