18
Dec
2018

তেজপুৰ: তেজপুৰত 'চিলনী' চোৰৰ উপদ্ৰপ৷ এটাৰ পাছত আনটো ঘটনা সংঘটিত কৰিলে চোৰৰ দলে৷ পুলিচৰ চকুত ধূলি দি সংঘটিত কৰিলে এই কাণ্ড৷
তেজপুৰ চহৰৰ মাজ মজিয়াত চ'ক বজাৰৰ সমীপত মঙলবাৰে দিনত এজন যুৱ ব্যৱসায়ীৰ চকুত বিস্কুটৰ গুড়ি সানি মাজৰাস্তাৰপৰা লুটি নিলে নগদ এক লাখ টকা আৰু চেক৷ ইতিমধ্যে, আৰক্ষীয়ে পল নামৰ যুৱকজনক লগত লৈ আৰম্ভ কৰিছে তালাচী৷
আনহাতে, একে স্থানত হোটেল পাৰ্কৰ এজন গ্ৰাহকৰপৰা পাৰ্কিঙত থকা তেওঁৰ গাড়ীৰপৰা নগদ ৪০ হাজাৰ টকাৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰ লৈ পলায়ন কৰে৷