
তেজপুৰঃ তেজপুৰত ফ'ৰলেন পথ নিৰ্মাণৰ অচিলা লৈ একাংশই য'তে-ত'তে অব্যাহত ৰাখিছে অবৈধ খনন কাৰ্য৷ বন বিভাগৰ আশীৰ্বাদপুষ্ট হৈ একাংশই লাভ কৰা বালি তথা মাটিৰ মহলৰ নামত বন আইন ভৰিৰে মোহাৰি চলোৱা অবৈধ খননৰ পৰিণতিত শুকুৰবাৰে কৰুণ মৃত্যুক আঁকোৱালি ল’লে তিনি কণ-কণ শিশুৱে৷
তেজপুৰৰ মৰাভৰলী নৈ পাৰৰ এইটো প্ৰকাণ্ড গাঁততে পৰি আজি সলিল সমাধি ঘটে এই তিনি শিশুৰ৷ সমীপৰ ভৈৰৱনগৰ টিলাৰ পাঁচটি শিশুৱে দুপৰীয়া গাঁতটোৰ কাষতে গাৰ কাপোৰ খুলি গা ধুবলৈ লওঁতে এই অঘটন ঘটে৷
পানীৰ গভীৰতাৰ উমান নোপোৱাকৈ পুখুৰী সদৃশ এই দ' গাঁতটোত গা ধুবলৈ গৈ সলিল সমাধি ঘটে জয় সিং, গৌৰৱ সিং আৰু ঈশান মণ্ডল নামৰ তিনি ছাত্ৰৰ৷
দুৰ্ঘটনাস্থলীত আন শিশুৰ মৃতদেহ থকাৰ সন্দেহত এনেদৰে বাঁহ আৰু সাঁঁতুৰি-বুৰ মাৰি সন্ধান চলোৱা হয়৷ আনহাতে, ইয়াৰ পাছত তিনিটা শিশুৱেই মৃত্যুক আঁকোৱালি লোৱাটো নিশ্চিত হৈ পৰে৷ মৃত জয় সিং সপ্তম মানত অধ্যয়নৰত হোৱাৰ বিপৰীতে গৌৰৱ সিং আৰু ঈশান মণ্ডল ষষ্ঠ মানত অধ্যয়নৰত আছিল৷ তিনিওৰে ঘৰ ভৈৰৱনগৰ টিলাত আৰু দুটি শিশু একেটা পৰিয়ালৰে৷ তেজপুৰ বেংগলী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিল৷
এই ঘটনাৰ পিছতে লোকে লোকাৰণ্য হৈ পৰে ঘটনাস্থলী আৰু সকলোৱে একমুখে ক্ষোভ উজাৰে বন বিভাগৰ বিৰুদ্ধে৷ বন বিভাগে য’তে-ত’তে অবৈধ মহল খুলিবলৈ অনুমতি দি এনেদৰে মৰণফাণ্ড সৃষ্টি কৰাত স্বাভাৱিকতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ৷
উল্লেখ্য যে, সুৰজ প্ৰধান নামৰ এজন লোকৰ নামত বন বিভাগে আৱন্টন দিছিল এইটো বালি তথা মাটিৰ মহল৷