তেজপুৰঃ পঞ্চায়ত নিৰ্বাচনক লৈ সকলো ব্যস্ত।

নিৰ্বাচনৰ দায়িত্বত আৰক্ষীও ব্যস্ত হৈ পৰিছে। 

ব্যস্তমুখী তেজপুৰ চহৰৰ দুৱাৰ মুখ স্বৰূপ তেজপুৰ মিচন চাৰিআলিত থকা ট্ৰেফিক পইণ্টত আৰক্ষী নায়৷

আৰক্ষীৰ ঠাইত ট্ৰেফিক নিয়ন্ত্ৰণ কৰিছে মৰেল পুলিচ ওৰফে জয়ন্ত নাথ নামৰ যুৱক এজনে। 

যুৱক জনে মুখত সুহুৰি লৈ হাতৰে বিভিন্ন যানবাহন নিয়ন্ত্ৰণ কৰিছে।

এই কাণ্ড দেখি সকলো আচৰিত।

আনহাতে, যুৱকজনে ৰাইজৰ সুবিধাৰ বাবে এনে কৰা বুলি মন্তব্য কৰিছে তেজপুৰবাসীয়ে৷