
তেজপুৰঃ চিকিৎসা খণ্ডৰ উন্নয়ণৰ ঢাক-ঢোল বজালেও গ্ৰাম্য অঞ্চলত প্ৰকৃততে তেনে ধৰণৰ কোনো উন্নয়ণ হোৱা দেখা নযায়৷ ৰাজ্যৰ বহু চিকিৎসালয়ত চিকিৎসক নাৰ্ছ নোহোৱাৰ লগতে যন্ত্ৰ-পাতি নোহোৱাৰ অভিযোগ উত্থাপন হয়৷ গ্ৰাম্য অঞ্চলৰ বহু লোকে চিকিৎসক বিছাৰি হায়ঃৰাণ হ’ব লগা হয়৷ তাৰ মাজতে ৰাজ্যখনৰ দ্বিতীয় খন তথা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয়ে গভীৰ সংকটত পৰাৰ অভিযোগ উত্থাপন হৈছে৷
তেজপুৰৰ ঔগুৰি পাহাৰত ১৯৬০ত প্ৰতিষ্ঠা কৰা ৰাজ্যৰ দ্বিতীয় খন চন্দ্ৰ নাথ লক্ষীনাথ স্মৃতি যক্ষ্মা চিকিৎসালয়ত বিগত ছেপ্তেম্বৰ মাহৰ পৰা ৰোগীৰ বাবে খাদ্য যোগান বন্ধ কৰি ৰখাৰ ভয়াবৰ অভিযোগ উত্থাপন হৈছে৷ ঠিকাদাৰে খাদ্য যোগান বন্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে।
দৰং, শোনিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, নগাঁও আদি জিলাৰ ৰোগী তেজপুৰৰ যক্ষ্মা ৰোগৰ চিকিৎসাল খনলৈ চিকিৎসাৰ বাবে আহে যদিও চৰকাৰে চিকিৎসালয় খনৰ গুৰুত্ব আৰোপ নকৰাৰ লগতে চেপ্তেম্বৰ মাহৰ পৰা খাদ্যৰ যোগান বন্ধ হৈ থকাৰ পিছতো মন্ত্ৰী, বিধায়ক তথা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা নাই বুলি জানিব পৰা গৈছে৷ ৫০ খন বিছনাযুক্ত চিকিৎসালয়খনত সম্প্ৰতি কৰ্তৃপক্ষই মাত্ৰ সাতজন ৰোগীকহে ৰাখি চিকিৎসা কৰা দেখা গৈছে৷ খাদ্যৰ অভাৱত চিকিৎসালয় কৰ্তৃপক্ষই মাথো সাতজন ৰোগী ৰখা বুলি জানিব পৰা গৈছে৷ যক্ষ্মা ৰোগীক দৈনিক খাদ্যৰ যোগান ধৰাৰ নামত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কেইবাবছৰো ধৰি ধন মুকলি কৰি নিদিয়াত চিকিৎসালয় খনৰ ৰোগীসকল খাদ্য সংকটত ভুগিব লগা হৈছে৷