তেজপুৰঃ ঐতিহাসিক অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত তেজপুৰ বিশ্ববিদ্যালয়ে উৎকৃষ্ট মানৱ সম্পদ গঢ় দি সমগ্ৰ বিশ্বতে নিজৰ চাক্ষুস বহন কৰিবলৈ সক্ষম হৈছে৷

ভৌগোলিক দিশৰ পৰা অতি মনোৰম ঠাই তেজপুৰত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক দিশৰ লগতে আনুসংগিক সকলো দিশতে উত্তৰণৰ বাট বুলি গোলকীয় পৃথিৱীত দোপতদোপে আগবাঢ়ি যাওক৷

বৃহস্পতিবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ষষ্ঠদশ সমাৱৰ্তনত উপস্হিত থাকি অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখীয়ে নিজৰ ভাষণত এই মন্তব্য আগবঢ়ায়৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ বিনোদ কুমাৰ জৈনৰ সঞ্চালনাত অনুষ্ঠিত এই সমাৱৰ্তনত তেজপুৰ বিশ্ববিদ্যালয়ৰ সৰ্বমুঠ ১১৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল'মা প্ৰদান কৰা হয়৷ ৫১ গৰাকীক ডক্টৰেট ডিগ্ৰী, ৬৭৪ গৰাকীক স্নাতকোত্তৰ, ৩৫২ গৰাকীক বি-টেক, বি এছ চি আৰু বি এ, ২৫ গৰকীক পি জি ডিপ্ল'মা আৰু ৩০ গৰাকীক অপেন এণ্ড ডিষ্টেন্স লাৰ্নিং প্ৰগ্ৰেমৰ অধীনত ডিগ্ৰী আৰু ডিপ্ল'মা প্ৰদান কৰা হয়৷ ইয়াৰে শীৰ্ষ ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় সোণৰ পদক৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমাৱৰ্তনত বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু কৰ্মচাৰী সমাজ, তেজপুৰৰ বহু বিশিষ্ট ব্যক্তি তথা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্হিতিত মুখ্য অতিথিৰূপে উপস্হিত থাকি দেশৰ আন এগৰাকী বিশিষ্ট শিক্ষাবিদ প্ৰফেছাৰ ৰমেশ কুমাৰ ডেকাই তেজপুৰ বিশ্ববিদ্যালয় যিহেতু অসম চুক্তিৰ আধাৰত তথা ছহিদৰ ত্যাগৰ বিনিময়ত গঢ় লৈ উঠিছিল, সেয়ে ছহিদৰ আত্মত্যাগক যথোচিত সন্মান যচাৰ পৰিকল্পনাৰে গঢ় দিবলৈ বিশ্ববিদ্যালয়খনৰ প্ৰতি আহ্বান জনায়৷