তেজপুৰঃ জলাহ ভূমি হৈছে কোনা এক অঞ্চলৰ হাঁওফাঁও স্বৰূপ। কিন্তু ইয়াক ধ্বংস কৰা হৈ আছে ব্যক্তিগত স্বাৰ্থৰ বাবে। এনে এক ঘটনাই হৈছে তেজপুৰ চহৰত।

ট্ৰাকে ট্ৰাকে মাটি পেলোৱা হৈছে চহৰখনৰ এটা হোলাত। তেজপুৰত জিলা প্ৰশাসনৰ অলক্ষিতে এচাম লোকে জধেমধে এনেদৰে এই কাৰ্য সংঘটিত কৰাত চিন্তাত পৰিছে সচেতন ৰাইজ। 

তেজপুৰ মাজগাঁও পঞ্চায়তৰ অন্তৰগত মাজগাঁও বৰুৱা চুবুৰিৰ মূল পথৰ কাষৰ হোলাটোত জিলা প্ৰশাসনে এক নিৰ্দেশনা যোগে সেই স্থানত নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে। তেনে স্থলত কেনেদৰে হোলা পুতি নিৰ্মাণকাৰ্য চলাই আছে, তাকে লৈ সন্দিহান স্থানীয় ৰাইজ। আনহাতে, জাৰি হ’ল পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। গতিকে সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন, সেই স্থানত নিৰ্মাণকাৰ্য চলাবৰ বাবে অনুমতি পালে কেনেকৈ?

উল্লেখযোগ্য যে এই হোলাটো সমগ্ৰ বৰুৱাচুবুৰি এলেকাৰ পানী মূল পথৰ নলাৰে গৈ পদুম পুখুৰীত পৰেগৈ৷ স্থানীয় ৰাইজৰ অভিযোগ, বাৰিষা এজাক বৰষুণতে সমগ্ৰ বৰুৱাচুবুৰিৰ লগতে মাজগাঁওৰ মূল পথতো জলমগ্ন হোৱাৰ লগতে মূল পকী পথটোও যথেষ্ট বিনষ্ট হৈ পৰিছে৷