30
Aug
2017

গোলকগঞ্জঃ খেতি পথাৰত কাম কৰি থাকোতেই ধুবুৰী জিলাৰ গোলকগঞ্জ বজ্ৰ পৰি খেতিয়কৰ মৃত্যু৷ ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত বিছনদৈ তৃতীয় খণ্ড গাঁৱৰ ফজৰ আলীৰ পুত্ৰ আবুল শ্বেখ (৪৫) আজি আবেলি চাৰি বজাত খেতি পথাৰত কাম কৰি থকা অৱস্থাতে বজ্ৰ পৰে৷
তাততৈয়াকৈ আবুলক চিকিৎসালয়ত নিব বিছাৰে যদিও বজ্ৰ পৰাৰ কিছু সময়ৰ পাছত মৃত্যু হয় বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত পত্নীসহ চাৰি জন পুত্ৰ আৰু তিনিজন কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় খেতিয়ক আবুলে।