ঢেকীয়াজুলিঃ সংকটৰ গৰাহত এতিয়া মাজুলীৰ ক্ষুদ্ৰ সংস্কৰণ৷ এফালে লুইতৰ বলীয়া বান আনফালে প্ৰৱল খহনীয়া৷ মহাবাহুৰ যেন এইবেলি প্ৰচণ্ড আক্ৰোশ৷ লুইতে সৃষ্টি কৰা এই প্ৰলয়ত নিঃশেষ হৈ যোৱাৰ উপক্ৰম ঘটিছে শোণিতপুৰ জিলাৰ তেজপুৰ বিধান সভা সমষ্টিৰ বুঢ়াচাপৰি অঞ্চল৷ জনা মতে তিনিখনকৈ চৰকাৰৰ ৰাজহ গাওঁ থকা এই বুঢ়াচাপৰি অঞ্চলত ১৮৫০ চনৰ পৰাই এংকাশ কৃষকে বসতি স্থাপন কৰিছিল৷

নদীদ্বীপ মাজুলিৰ এটি ক্ষুদ্ৰ সংস্কৰণ যেন লগা এই বুঢ়াচাপৰি অঞ্চল ঘাইকৈ গো-পালক নেপালী সম্প্ৰদায়ৰ লোক সকলৰ বসতি স্থল আছিল যদিও পিচলৈ ইয়াত কেইবাটিও বিহাৰী আৰু বেঙলী সম্প্ৰদায়ৰ লোকে বসতি স্থাপন কৰে৷ এসময়ত শাক পাচলিৰ পৰা আৰম্ভ কৰি গাখীৰ উৎপাদনৰে জিলাখনৰ কৃষিখণ্ডত অভিলেখ সৃষ্টি কৰা লুইতৰ বুকুৰ এই চাপৰি অঞ্চললৈ তেজপুৰ চৰকাৰী জাহাজ ঘাটৰ পৰা নাৱেৰে প্ৰায় ৯ কিলোমিটাৰ দুৰত্ব৷ ঝাৰণী, শিশুআটী, ধনীয়া এই তিনিখন গাওঁ সামৰি বুঢ়াচাপৰি অঞ্চল৷ সুদীৰ্ঘ বছৰ নদীকেন্দ্ৰীক জীৱন যাপন কৰি বুঢ়াচাপৰিক সেউজ কৰি তোলা লোক সকলৰ জীৱন তথা জীৱিকালৈ ১৯১২ চনৰ পৰাই ব্ৰহ্মপুত্ৰই নমাই আনিছিল খহনীয়া৷

এইখহনীয়াৰ কৱলত পৰি অসমৰ দ্বিতীয় নদীদ্বীপ খ্যাত বুঢ়াচাপৰি আজি প্ৰায় নিচিহ্ন হোৱাৰ পথত৷ এইবেলিৰ প্ৰথম বাৰ অহা বানত খহনীয়াত জাহ গ’ল ১৯৩০ চনতে স্থাপন কৰা বুঢ়াচাপৰি প্ৰাথমিক বিদ্যালয়৷ এখন অংগনবাড়ী কেন্দ্ৰ আৰু কেইবাটিও পৰিয়ালৰ ঘৰবাৰী৷

ইয়াৰ পিচত লুইতৰ দ্বিতীয়টো বানত অলপতে পুণৰ জাহ গ’ল ১৯৪৮ চনত স্থাপন কৰা শিশুহতি প্ৰাথমিক বিদ্যালয়খন আৰু অঞ্চলটোৰ একমাত্ৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰটোৰ লগতে কৃষিপথাৰ, বহু পৰিয়ালৰ ঘৰবাৰী৷ এতিয়াও ইয়াত প্ৰতিদিনেই চলি আছে ভয়ংকৰ খহনীয়া৷ এনে পৰিস্থিতিত ইয়াৰ ৰাইজে নিজৰ স্থায়ী ঠিকনা হেৰুৱাই আন এক ঠিকনাৰ সন্ধানত নগাওঁ কিম্বা শোণিতপুৰ জিলিৰ বিভিন্ন স্থানত এটুকুৰা মাটি কিনিবলৈ সন্ধান অব্যাহত ৰাখিছে৷

লক্ষণীয় কথা যে বুঢ়াচাপৰি বাসীৰ জীৱনলৈ নামি অহা এনে ভয়ংকৰ দুৰ্যোগৰ সময়তো তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী কিম্বা সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ ভুমুকি এটা মাৰিবলৈও সময় নোহোৱাৰ কথাকৈ ৰাইজে ক্ষোভ উজাৰে৷ ইফালে অঞ্চলটোত ২০১২ চনতে খহনীয়া আৰম্ভ হোৱাৰে পৰা ইয়াৰ ৰাইজে বিভাগীয় সকলক আবেদন নিবেদন কৰাৰ পিচটো  আজি পৰ্যন্ত খহনীয়া ৰোধৰ বাবে জল সম্পদ নিয়ন্ত্ৰন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কথাও ৰাইজে অতি দুখেৰে ব্যক্ত কৰে ৷

 বুঢ়া চাপৰিৰ তিনিখনকৈ ৰাজহ গাঁৱৰ শ শ বিঘা ভূমি খহনীয়াত জাহ যোৱাৰ পিচত বৰ্তমান যি খিনি বাকী আছেগৈ সেয়া প্ৰায় ১ কিলোমিটাৰ আয়তন৷ মাটি-সম্পত্তি, জীৱিকা সকলো হেৰুৱাৰ পাছতো শেহতীয়াকৈ নিজৰ স্থায়ী ঠিকনা হেৰুওৱা এই সকল দুৰ্ভগীয়া নাগৰিকৰ কাষত এতিয়া কোনে থিয় হৈ এষাৰ আশ্বাসৰ বাণী বিলাব সেইলৈ প্ৰশ্ন উঠিছে৷