04
Aug
2017

বাঘবৰঃ বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ সত্ৰকনৰা বজাৰত একে নিশাই তিনিখনকৈ দোকানত চুৰি কাণ্ড সংঘটিত হয়৷
বৃহস্পতিবাৰে নিশা এখন মোবাইলৰ দোকান, ইলেকট্ৰিকেলছ আৰু চেণ্ডেলৰ দোকান সহিতে তিনিখন দোকানত চুৰিকাণ্ড সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।
জানিব পৰা মতে, শ্বাজাহান আলীৰ ইলেকট্ৰিকেলছ সামগ্ৰীৰ দোকান, শ্বৰবত আলীৰ মোবাইলৰ দোকান আৰু ৰফিকুল ইছলামৰ ছেণ্ডেলৰ দোকানত চোৰে ছাফাই অভিযান চলায়৷
দোকান কেইখনৰ পৰা নগদ ধনসহ সা-সামগ্ৰী লুটি নিয়ে চোৰে। মন্দিয়া আৰক্ষী চকীত দোকানী কেইগৰাকীয়ে এজাহাৰ দাখিল কৰে যদিও বাতৰি লিখা পৰলৈকে কোনো লোকক আটক কৰিব পৰা নাই৷