দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈ সমলাৰ লক্ষীকান্ত বৈশ্যৰ ঘৰত চোৰে লুটি নিলে লাখ টকাৰ সম্পত্তি। বুধবাৰে নিশা জন্মাষ্টমী উপলক্ষ্যে ৰাজহুৱা নামঘৰত উপস্থিত থকাৰ সুযোগ গ্রহণ কৰি প্ৰায় দুই আঢ়ৈ লাখ মান টকাৰ মূল্যবান সা-সম্পদ তথা সোণৰ আ-অলংকাৰ চুৰ কৰি লৈ যায়।

ইতিমধ্যে ঘটনা সম্পকত মঙ্গলদৈ থানাৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে। সেই অঞ্চলটোত সঘনাই চুৰি ডকাইতি কাণ্ড সংঘটিত হৈ আছিল৷

আজি কিছুদিন এনে ঘটনা সংঘটিত হোৱা নাছিল যদিও আকৌ এয়া আৰম্ভ হৈছে বুলি স্হানীয় ৰাইজে জানিবলৈ দিছে।