
গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত বৃহস্পতিবাৰে নিশা চাৰিগৰাকী চোৰ ধৰা পৰে বজাৰৰ পহৰাদাৰৰ হাতত৷ চাৰিগৰাকী চোৰে গৰৈমাৰী বজাৰত মোবাইল দোকানত চুৰি কৰিবলৈ আহোতে বজাৰৰ পহৰাদাৰে আটক কৰে৷
গৰৈমাৰীৰ সত্ৰপাৰা গাঁৱৰ সঞ্জীৱ সূত্ৰধৰ, ভাস্কৰ সূত্ৰধৰ আৰু কানহাৰা গাঁৱৰ দুজন নাবালাক সহিতে চাৰিগৰাকী চোৰক পহৰাদাৰে আটক কৰি আৰক্ষীক গতাই দিয়ে৷
জানিব পৰা মতে, মোবাইল দোকানৰ টিনপাত খুলি ভিতৰৰ চিলিং ভাঙি বজাৰখনৰ বাহাৰুল ইছলামৰ মোবাইল দোকানত তিনিবাৰ, জিয়াৰুল হকৰ দোকানত দুবাৰ, আলীৰ দোকানত দুবাৰ, আশ্ৰাফুলৰ দোকানত এবাৰ, কবিৰ টাইমছ হাউছত দুবাৰ কৈ চাৰিমাহত চুৰি কাৰ্য সংঘটিত কৰে এই চোৰৰ দলটোৱে।
কেৱল মোবাইল দোকানত সঘনাই চুৰি কাৰ্য সংঘটিত হোৱাত অৱশেষত ব্যৱসায়ীসকলে বজাৰখনৰ সমীপতে থকা গৰৈমাৰী আৰক্ষী থানাত অলপতে বজাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
তাৰ মাজতে যোৱা নিশা বজাৰখনৰ পূৱ ফালে থকা দূৰ্গা মন্দিৰৰ সমীপৰ ছবুৰ উদ্দিনৰ মোবাইল দোকানত চুৰি কৰিবলৈ যুৱককেইজনে চেষ্টা চলায়। বজাৰৰ পহৰাদাৰে কিছু দূৰৈৰ পৰা প্ৰত্যক্ষ কৰি হাতে-লোটে ধৰে চোৰকেইটাক।