14
Sep
2017

ৰঙিয়াঃ চুৰ কৰি ঔ-কিল খালে ৰঙিয়াৰ দুই যুৱকে৷ আজি ৰঙিয়াত দুজন চোৰক কৰায়ত্ব কৰি স্থানীয় ৰাইজে উত্তম-মাধ্যম সোধায়৷ ঘটনা অনুসৰি যোৱা সোমবাৰে ৰঙিয়া চহৰৰ গুৰককুছিত অন্ধ্ৰ প্ৰদেশৰ টিলাংগানা চহৰৰ পি ৰাজাম আৰু পি চিনু নামৰ ভিনিহিয়েক আৰু খুলশালীয়েকে ভাড়াতীয়া হিচাপে থকা ভাড়াঘৰটোৰ পৰা চোৰে বৃহৎ পৰিমানৰ সামগ্ৰী সহ নগদ ধন, মোবাইল আদি লুট কৰি নিয়ে৷
আজি পুৱাৰ ভাগত দুজন যুৱক সন্দেহজনক ভাবে অঞ্চলটোত ঘুৰি ফুৰা দেখি স্থানীয় ৰাইজে যুৱক দুজনক কৰায়ত্ব কৰি গণপ্ৰহাৰ আৰম্ভ কৰে৷ ৰাইজৰ প্ৰহাৰত যুৱক দুজনে অঞ্চলটোত বহু দিনৰ পৰা চুৰি কাণ্ড সংঘটিত কৰি আহিছিল বুলি স্বীকাৰ কৰে৷
ৰঙিয়া ২ নং ৱাৰ্ড চৰিতপুৰৰ ইলিয়াছ আলী(২৫) আৰু ইন্তাজ আলী (২৭) নামৰ ধৃত যুৱক দুজনক ৰাইজে শেষত ৰঙিয়া আৰক্ষীক চমজাই দিয়ে৷