ৰঙিয়াঃ ৰঙিয়াত আৰক্ষীৰ জালত পৰিল চোৰ৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে অভিযান চলাই ৰঙিয়া কাছাৰী শৌলমাৰীৰ পৰা আটক কৰে চামনুৰ আলী নামৰ লোকজনক৷ চুৰিৰ কাণ্ডৰ সৈতে জড়িত চামনুৰক ধৰিবলৈ জাল পাতি থৈছিল যদিও বুধবাৰে নিশা হে জালত পেলাবলৈ সক্ষম হয় চামনুৰ৷

ৰঙিয়া আৰক্ষীয়ে জানিবলৈ দিয়া মতে চামনুৰ আলি নামৰ লোকজনে ৰঙিয়া খাতেল পাৰাৰ ধীৰাজ লাহৰি নামৰ ঘৰৰ পৰা ১ নৱেম্বৰৰ নিশা এটা পানীৰ মটৰ চুৰি কৰিছিল। লাহৰিৰ পৰিয়ালে চুৰি সন্দৰ্ভত চামনুৰৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে চামনুৰ আলীক বিচাৰি অভিযান অব্যাহত ৰাখিছিল। কেইবাটাওঁ চুৰিকাণ্ডৰ সৈতে জৰিত চামনুৰ আলিক বধবাৰে নিশা নিজ ঘৰতে জালত পেলায়৷