ৰঙিয়াঃ ৰঙিয়াত এটি নাম ঘৰৰ দানপাত্ৰ ভাঙি চোৰে নগদ ধন লুটি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলাৰ নামঘৰত নিশা চোৰৰ তাণ্ডৱ চলোৱা বুলি জানিব পৰা গৈছে।

নিশা বৰষুণ দি থকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰে এই কাণ্ড। গ্ৰীলৰ মাজেৰে হাত খুমাই দানপাত্ৰ ভাঙি চোৰে নিলে নগদ ধন। পুৱা নামঘৰীয়াই প্ৰত্যক্ষ কৰে এই ঘটনা।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই নামঘৰটোত চোৰৰ দলে কেইবাবাৰো অভিযান চলাই লুটি নিছিল নগদ ধনৰ উপৰি বহু সা-সামগ্ৰী। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক আটক কৰিব পৰা নাই।