
নগাঁওঃ চোৰে নেৰে চিকিৎসালয়৷ ২৪ ঘন্টাৰ ভিতৰত দুবাৰকৈ লুটি নিলে চিকিৎসালয়৷ চিকিৎসালয়ক মন্দিৰ-মছজিদৰ সৈতে তুলনা কৰা হয় যদিও নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ জাজৰিৰ সমীপৰ মাজগাঁৱৰ হালধীআটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুৰ্বৃত্তই বাৰে বাৰে তাণ্ডৱ চলাই আহিছে৷ প্ৰশাসনে চিকিৎসালয় খন সুৰক্ষিত কৰিব নোৱাৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷
নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কটহগুৰি নিউ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভূমি বেদখলকাৰীৰ কৱলত পৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই এইবাৰ দুষ্কৃতিকাৰীয়ে তাণ্ডৱ চলালে সমষ্টিটোৰ আন এটি স্বাস্থ্য কেন্দ্ৰত৷
দুৰ্বৃত্তই ২৪ ঘন্টাৰ ভিতৰত নিশাৰ ভাগত স্বাস্থ্য কেন্দ্ৰটোত দুবাৰকৈ তাণ্ডৱ চলাই বুজন পৰিমাণৰ দৰৱ-পাতি নষ্ট কৰাৰ লগতে বহু মূল্যৱান সামগ্ৰী ভাগি লণ্ড-ভণ্ড কৰে৷ প্ৰাপ্ত খবৰ মতে, পৰহি নিশা কোনো দুৰ্বৃত্তই স্বাস্থ্য কেন্দ্ৰটোৰ পিছফালৰ খিৰিকিৰে ভিতৰত প্ৰৱেশ কৰি ফাৰ্মাচিষ্টৰ কোঠাত থকা এটা আলমিৰাৰ ল’ক ভাগি তাত থকা নগদ ১৫০০ টকাৰ লগতে বাকী কোঠাসমূহত থকা কিছু বৈদ্যুতিক সামগ্ৰী চুৰি কৰি নিয়ে৷
সোমবাৰে পুৱা চুৰি কাৰ্যৰ বিষয়ে জানিব পাৰি স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষই স্থানীয় জাজৰি থানাত এই সম্পৰ্কত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি স্নিফাৰ ডগৰ সহায়ত দুৰ্বৃত্তৰ সন্ধান অব্যাহত থকাৰ সময়তে পুনৰ একেটা দিনৰে আবেলি নিশাৰ ভাগত স্বাস্থ্য কেন্দ্ৰটোত অনুৰূপ ঘটনা সংঘটিত হয়৷ এইবাৰ দুষ্কৃতিকাৰীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ মেডিছিন আৰু লেবাৰ ৰূমত থকা বুজন পৰিমানৰ ঔষধ আৰু আন বহু মূল্যৱান চিকিৎসা সামগ্ৰী মাটিত পেলাই লণ্ড-ভণ্ড কৰি নষ্ট কৰাৰ লগতে কিছু বৈদ্যুতিক সমগ্ৰী লুট কৰি নিয়ে৷
তদুপৰি কেইবাটাও কোঠাৰ খিৰিকিৰ আইনা ভাগি পেলোৱাৰ বিপৰীতে এটা কোঠাত মল-মূত্ৰ ত্যাগ কৰি কদৰ্যময় পৰিবেশৰ সৃষ্টি কৰে ৷ আনকি স্বাস্থ্য কেন্দ্ৰটোৰ পিছফালে থকা স্বাস্থ্যকৰ্মীৰ আৱাসগৃহৰো যথেষ্ট ক্ষতিসাধন কৰে দুৰ্বৃত্তই৷ বৰ্তমান ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষীয়ে তদন্ত ব্যাপক কৰি তোলাৰ লগতে ঘটনা সম্পৰ্কত স্থানীয় কেইবাজনো লোকক শুধা-পোছাৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, বিগত বৰ্ষটো এই স্বাস্থ্য কেন্দ্ৰটোত চোৰে লুতপাট চলাই পানী উঠোৱা বৈদ্যুতিক মটৰ, পেচাৰ জোখা যন্ত্ৰ, লাইট, ফেন আদিকে ধৰি বহু দৰকাৰী মূল্যবান সামগ্ৰী চুৰি কৰি নিছিল৷ প্ৰকৃতে স্বাস্থ্য কেন্দ্ৰটোত বহুবাৰ আবেদন জনাই অহাৰ পিছতো আজিকোপতি কোনো নৈশ চকীদাৰ নিযুক্তি নিদিয়াত নিশাৰ ভাগত গৰাকীবিহীন হৈ পৰা স্বাস্থ্য কেন্দ্ৰটোত দুৰ্বৃত্তই এনেদৰে ধাৰাবাহিকভাবে তাণ্ডৱ চলাই অহাৰ সুবিধা পাই আহিছে বুলি স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰিছে৷