বাইহাটা চাৰিআলিঃ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত প্ৰতি বছৰে সংঘটিত হৈ অহা চুৰি কাৰ্যৰ অশুভ পৰাম্পৰাৰ পৰা এইবাৰো পৰিত্ৰাণ নাপালে কামৰূপী জিলাৰ বাইহাটা চাৰিআলি চ’কটোৱে। পূৰ্বৰ দৰে এইবাৰো পূজাৰ বতাহ বলাৰ মাজতে বুধবাৰে নিশা বাইহাটা চাৰিআলি আৰক্ষী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয় আৰু ট্ৰেফিক পইন্টৰ মাথোঁ কেই মিটাৰ মান ব্যৱধানত মঙলদৈ পথত অৱস্থিত সুমিত্ৰা হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনত চোৰে চাফাই অভিযান চলাই।

জানিব পৰা মতে চোৰে দুৱাৰৰ তলা ভাঙি এই প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় ৪০ টা পানী উত্তোলক পাম্প, ১০ টা দ্ৰিলমেচিন, ৪০ বাকচ বিব কক আৰু ১০ টা গ্ৰিন্দাৰ মেচিন চুৰি কৰি নিয়ে। চুৰি সামগ্ৰী খিনিৰ মূল্য প্ৰায় ২লাখ ৬২ হাজাৰ টকা বুলি জানিব পৰা গৈছে। লক্ষণীয় ভাৱে এই সামগ্ৰীখিনি চুৰি কৰি নিবলৈ দুৰ্বৃত্তই চাৰি অথবা তিনি চকীয়া বাহন ব্যৱহাৰ কৰিব লগা হোৱাতো নিশ্চিত। কিন্তু চকটোত আৰক্ষীৰ নিয়মিত পহৰা আৰু ভ্ৰাম্যমান টহল ব্যৱস্থা থকাৰ পিছতো চোৰে কিদৰে নিৰ্বিঘ্নে এই সামগ্ৰী খিনি চুৰি সামগ্ৰী খিনি চুৰি কৰি নিবলৈ সক্ষম হ’ল সেইলৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ।

তাৎপৰ্যপূৰ্ণ ভাবে বুধবাৰে সন্ধিয়াও চ’কটোৰ পৰা এখন বাইক চুৰি হৈছিল। ইয়াৰ পৰা স্থানীয় বাইহাটা চাৰিআলি থানাৰ আৰক্ষী চুৰি ঘটনাক লৈ উদাসীন আৰু কোনো ক্ষেত্ৰত চোৰৰে গোপন বুজাবুজি থকাৰো সম্ভাৱনা ব্যক্ত কৰি স্থানীয় ৰাইজে এনে ব্যৰ্থতাৰ বাবে আৰক্ষীক তীব্ৰ ধিক্কাৰ দিছে।

অৱশ্যে আজি পুৱা নিধিৰাম চৰ্দাৰৰ দৰে আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ চুৰি কাণ্ড সংঘটিত হোৱা দোকানখন আৰু অঞ্চলটোৰ কিয়দাংশ পৰ্যবেক্ষণ কৰে৷