Weasyl
Weasyl

লংকাঃ হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ৰ পৰা নাতি দূৰৈত শুকুৰবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড৷

লংকাৰ শংকৰদেৱ নগৰৰ জোৰা পুখুৰীস্থিত উজ্বল চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিৰ মোবাইল দোকানৰ পৰা নিশা চোৰে দোকানৰ চিলিং ভাঙি লুটি নিলে কেইবাটাও দামী মোবাইল সহ নগদ ধন৷

প্ৰায় ১ লাখ টকাৰ বয়-বস্তু চোৰে লুটি নিলে বুলি জানিব দিয়ে দোকানৰ স্বতাধীকাৰীয়ে৷ ঘটনা স্থলীত শংকৰদেৱ নগৰৰ আৰক্ষী চকীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷