28
Jul
2017

নগৰবেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত জামলাইৰ এটি ধূপকাঠীৰ ফেক্টৰীত বৃহস্পতিবাৰে নিশা এটি চুৰি কাণ্ড সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, জামলাই গাঁৱৰ ছামেজ উদ্দিন আহমেদৰ ধূপকাঠী ফেক্টৰীত যোৱা নিশা চোৰৰ এটা দলে দৰ্জাৰ তলা কাটি নগদ প্ৰায় ৪০ (চল্লিছ) হেজাৰ টকা, ৩টা ম'বাইল ফোন, চি চি টিভি কেমেৰা সহ ভালেমান সা-সামগ্ৰী চোৰে লৈ যায়।
ফেক্টৰীটোৰ স্বত্বাধিকাৰী ছামেজ উদ্দিন আহমেদে চুৰি কাণ্ড সন্দৰ্ভত নগৰবেৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও কোনো লোকক আটক কৰিব পৰা নাই৷
ইয়াৰ পূৰ্বেও উক্ত এলেকাত কেইবাটাও চুৰি কাণ্ড সংঘটিত হৈছে যদিও নগৰবেৰা আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।