বঢ়মপুৰঃ অবৈধ মদৰ ব্যৱসায় আৰু ছাগলী চুৰি কৰাৰ অপৰাধত একাংশ মহিলাই এগৰাকী অসহায় মহিলাক মাৰধৰ কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওতেই নগাঁও জিলাৰ পুৰনিগুদামত পুনৰ মৰেল আৰক্ষীৰ ৰূপত অৱতীৰ্ণ হল একাংশ লোক৷ বৃহস্পতিবাৰে পুৰণিগুদামৰ পথাৰআগ চাৰিআলিত স্থানীয় ৰাইজে দুজন যুৱকক ছাগলী চুৰি কৰাৰ অপৰাধত মাৰধৰ কৰে।

স্থানীয় ৰাইজে যুৱকজনে ছাগলী চুৰি কৰিবলৈ অহা বুলি দাবী কৰে৷ জানিব পৰা মতে, দুজন যুৱকে এখন টেম্পৰে পৰণিগুদামৰ চলচলিৰ দিশৰ পৰা গড়মুৰ অভিমুখে দ্ৰুতগতিত আহি আছিল৷ তেনে অৱস্থাত টেম্প খনৰ ভিতৰত ছাগলী থকাৰ সন্দেহ কৰি একাংশ লোকে পিছ লৈ ৰখাই টেম্প খন।

পিছত টেম্প খনত ছাগলী উদ্ধাৰ হোৱাত ক্ষোভিত হৈ একাংশ লোকে দুয়ো যুৱককে মাৰধৰ কৰে৷ স্থানীয় ৰাইজে ছাগলী, এখন টেম্প' সহিতে আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে দুয়ো যুৱকক। দীৰ্ঘদিন ধৰি অঞ্চলটোত ছাগলী চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তে ৰাইজে দুই যুৱকক মাৰধৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হয়৷