
লংকাঃ হোজাই জিলাৰ লংকাত চোৰে সংঘটিত কৰিলে লংকা কাণ্ড৷ চেতনানাশক স্প্ৰে চটিয়াই এটি পৰিয়ালৰ পৰা চাফাই কৰিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ৷
হোজাইৰ শংকৰদেৱ নগৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ চুৰি কাণ্ডটো। শংকৰদেৱ নগৰৰ বিপ্লৱ শীল নামৰ ব্যক্তিজনৰ ঘৰত নিশা চোৰে প্ৰৱেশ কৰি বিষাক্ত পদাৰ্থ স্প্ৰেযোগে ছটিয়াই অচেতন কৰে পৰিয়ালৰ লোকসকলক৷
নিশা প্ৰায় ১ বজাত বিপ্লৱ শীলৰ ঘৰৰ পিছফালৰ দুৱাৰেদি চোৰে প্ৰৱেশ কৰি চেতনানাশক স্প্ৰে ব্যৱহাৰ কৰি পৰিয়ালৰ আটাইকে অচেতন কৰে৷ পৰিয়ালৰ লোকসকল অচেতন হোৱাৰ পাছতে চোৰে অনায়াসে লোহাৰ আলমাৰী ভাঙি নগদ ৯০ হাজাৰ টকাসহ ৭০ হাজাৰ টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু প্ৰয়োজনীয় নথি-পত্ৰ লুটি নিয়ে৷
আজি পুৱা বহু পলমকৈ পৰিয়ালৰ লোকসকল সাৰ পাই লোৰ আলমাৰী খোলা প্ৰত্যক্ষ কৰি চুৰি হোৱা বুলি অৱগত হৈ আৰক্ষীক খবৰ দিয়ে৷ পিছত শংকৰদেৱ নগৰৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰি কাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈকে চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই।