
গৰৈমাৰীঃ মঙলদৈ চহৰত সাংবাদিকক আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্যত পুনৰ সাংবাদিকক ভাবুকি দিলে সমবায় সমিতিৰ সদস্যই৷ ৰাজ্যত সঘনাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অতন্দ্ৰ প্ৰহৰী ৰূপে কৰ্মৰত সাংবাদিকক নিৰ্যাতন কৰি অহাৰ সময়তে আজি পুনৰ এক দুষ্ট চক্ৰই এজন সাংবাদিকক ফোন যোগে ভাবুকি প্ৰদান কৰাত সমগ্ৰ দক্ষিণ কামৰূপত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
উল্লখ্য যোৱা ১২ আগষ্টত ছমৰীয়া সত্ৰ সমবায় সমতিত ব্যাপক দুৰ্নীতি কৰি ১৭০০ কুইন্টল চাউল আত্মসাত কৰা বুলি সম্পূৰ্ণ তথ্যৰ আধাৰত এটি বাতৰি প্ৰকাশ কৰাত বকোৰ এগৰাকী সাংবাদিকক সমবায় খনৰ সদস্য এজনে ৯৮৫৯৫৬৯২৫৮ নম্বৰেৰে ফোনযোগে অকথ্য গালি-গালাজ আৰু প্ৰাণ নাশৰ ভাবুকি দিয়ে ৷
আজি বিয়লি ৪-১৯ বজাত অহা ভাবুকিত ৰাজ্যৰ সাংবাদিকসকল যে চৰম নিৰাপত্তাহীনতাত ভুগিছে সেয়া স্পষ্ট হৈ পৰিছে ৷ আজি এই ভাবুকি সন্দৰ্ভত সাংবাদিকগৰাকীয়ে ভাবুকি প্ৰদান কৰা ফোন নম্বৰৰ বিৰুদ্ধে ছমৰীয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷
সাংবাদিকক ভাবুকিৰ ঘটনাত বকো প্ৰেছ ক্লাৱ, জি কে এছ, প্ৰেছ ক্লাৱৰ লগতে সমগ্ৰ দক্ষিণ কামৰূপৰ সাংবাদিক মহলে তীব্ৰ গৰিহণা দিয়াৰ উপৰিও ভাবুকি দিয়া ব্যক্তিজনক চিনাক্ত তথা আটক কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে ৷