ছিপাঝাৰঃ ১১ বছৰ আগতে এদিন পৰিস্থিতিৰ দাস হৈ এগৰাকী মহিলাই আধাতে সামৰিব লগীয়া হৈছিল সপোন৷ কিন্তু দৰিদ্ৰতাৰ শিকলি চিঙি অৱশেষত সফলতা পালে মহিলা গৰাকীয়ে৷ তিনিটাকৈ সন্তানৰ মাতৃ হৈও অতি ভিতৰুৱা গাঁৱৰ মহিলাগৰাকীয়ে পাৰ কৰিলে প্ৰৱেশিকা পৰীক্ষাৰ দেওনা৷ 

প্ৰৱল ইচ্ছাশক্তি আৰু ধৈৰ্যৰ পৰিচয়েৰে আদৰ্শ হিচাপে থিয় দিয়া এই মহিলাগৰাকীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তাকো প্ৰথম বিভাগত৷ 

ছিপাঝাৰৰ সাৰেং গাঁৱৰ হিমাক্ষী শৰ্মা নামৰ এই মহিলা গৰাকীয়ে সম্পূৰ্ণ ১১ বছৰৰ পিছত এনেদৰে লাভ কৰা সফলতাই স্বাভাবিকতে উৎফুল্লিত কৰি তুলিছে গাঁওবাসীক৷ 

বৰনদীঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা হিমাক্ষীয়ে সৰ্বমুঠ ৩৬৫ নং লাভ কৰিবলৈ সক্ষম হৈছে৷ অভাৱ-অনাটনৰ মাজেৰেই দুটি কন্যা সন্তান আৰু এটা পুত্ৰ সন্তানৰ মাতৃ হিমাক্ষীয়ে ১১ বছৰ পূৰ্বে আধাতে পঢ়া-শুনা সামৰিব লগীয়া হৈছিল৷ 

কিন্তু মনৰ প্ৰবল ইচ্ছা, একাগ্ৰতা আৰু স্বামীৰ প্ৰেৰণাৰ বলতে এনেদৰে সফলতা লাভ কৰা বুলি হিমাদ্ৰীয়ে কয়৷ কলা শাখাত অধ্যয়ন কৰি ভৱিষ্যতে পঢ়া-শুনা অব্যাহত ৰখাৰ আশা পুহি ৰাখিছে তিনি সন্তানৰ মাতৃ গৰাকীয়ে৷