নগাঁওঃ নাৰী ব্যৱসায়ী চক্ৰৰ পৰা নগাঁও আৰক্ষীয়ে চৈধ্য বছৰীয়া এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লগতে আৰক্ষীৰ জালত পৰিছে মহিলাসহ তিনি নাৰী সৰবৰাহকাৰী ৷

নগাঁও ৰে’ল ষ্টেছনৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় যশবীৰ সিং,দলবীৰ সিং আৰু প্ৰণতি দাস নামৰ নাৰী সৰবৰাহকাৰী তিনিটাক ৷

জানিব পৰা মতে,তেজপুৰৰ কিশোৰীগৰাকীক স্বয়ং পিতৃ-মাতৃয়ে নাৰী সৰবৰাহকাৰীৰ হাতত বিক্ৰী কৰিছিল৷ ইতিমধ্যে কিশোৰীগৰাকীৰ পিতৃ-মাতৃকো আটক কৰিছে আৰক্ষীয়ে ৷

তেজপুৰৰ পৰা নগাওঁ হৈ হাৰিয়ানালৈ নিবলৈ প্ৰস্তুতি চলাই থাকোতেই আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী তিনিটাক আটক কৰাৰ লগতে কিশোৰীগৰাকীক নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

সম্প্ৰতি নাৰী ব্যৱসায়ী চক্ৰটোৰ অধিক তথ্য উদ্ধাৰৰ বাবে ধৃত নাৰী সৰবৰাহকাৰী তিনিটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।