14
Jul
2017

চাপৰঃ ধুবুৰী জিলাৰ চাপৰত শুকুৰবাৰে দিন দুপৰতে ৰাইজৰ হাতত ধৰা পৰে তিনিজনকৈ পকেটমাৰ। সাপ্তাহিক বজাৰত পকেট মাৰিবলৈ আহি ধৰা পৰা এই তিনি যুৱকক ৰাইজে উত্তম-মধ্যম শোধাই চাপৰ আৰক্ষীক গতাই দিয়ে।
উল্লেখ্য যে চাপৰ নগৰত দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ অহা চুৰি-ডকাইতিয়ে স্থানীয় ৰাইজক জ্বলা-কলা খুৱাই অহাৰ সময়তে চাপৰৰ সপ্তাহিক বজাৰত তিনি যুৱকে পকেট কাটিবলৈ আহি ৰাইজৰ হাতত আৱদ্ধ হয়।
স্থানীয় এগৰাকী ব্যক্তিৰ জেপ লুৰুকিবলৈ লওতে ৰাইজে হাতে-লোটে ধৰে গোৱালপাৰাৰ ছহিদুল ইছলাম, ৰূপচান আলী আৰু ধুবুৰী গৌৰীপুৰৰ আতাউৰ হুছেইনক। পিছত পকেটমাৰ তিনিটাক ৰাজপথত ৰাইজে উত্তম-মধ্যম শোধাই চাপৰ আৰক্ষীক গতাই দিয়ে।