গুৱাহাটীঃ ৰাজ্যত আজিও অব্যাহত আছে অবৈধ কাঠৰ ব্যৱসায়৷ ট্ৰাকে ট্ৰাকে অবৈধ কাঠ আজিও সৰবৰাহ হৈ আহিছে ৰাজ্য খনত৷ একাংশ ক্ষমতাশালী লোকে কোটি কোটি টকাৰ অবৈধ কাঠৰ ব্যৱসায় কৰি আহিছে৷ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে নানা পদক্ষেপ লৈ আহিছে যদিও তেনে কোনো পদক্ষেপে অসমত প্ৰভাৱ পেলাব পৰা নাই৷

ৰাজ্যৰ প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ ফলতেই ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে অসম-অৰুণাচল সীমান্ততো কাঠ মাফিয়াই মুকলিকৈ চলাই গৈছে অবৈধ চোৰাং কাঠৰ ব্যৱসায়৷ তাৰ মাজতে আজি পুৱাই অসম-অৰুণাচল সীমান্তৰ জোনাইত ১৫নং ৰাষ্ট্ৰীয় ঘাইত তিনি ট্ৰাক জব্দ কৰে বন বিভাগে৷

জোনাইৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত অবৈধ কাঠ ভৰ্ত্তি তিনিখন ট্ৰাক জোনাইৰ বন বিভাগে জব্দ কৰে। AS-23-E-1275, UP-57-T-4389, AS-22-C-4656 নম্বৰৰ ট্ৰাক তিনিখনত পাহাৰ ফলা কাঠ বোজাই কৰি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি তকাৰ সময়তে বন বিবাগে অভিযান চলাই জালত পেলাই  তিনি ট্ৰাক মুলৱান কাঠ৷

অৰুণাচলৰ পাছিঘাটৰ ধেমাজি জিলাৰ জোনাই হৈ ৰাজ্যত বিক্ৰীৰ বাবে গোপনে আনি থকাৰ সময়তে বন বিভাগে অভিযান চলাই তিনি ট্ৰাক কাঠ জব্দ কৰাত জোনাইৰ দল-সংগঠনে বন বিভাগৰ শলাগ লয়। বাতৰি লিখা পৰলৈকে কাঠৰ গৰাকীয়ে ট্ৰাক তিনি খনত মজুত থকা কাঠৰ পৰিমাণৰ বিপৰীতে টি পি দেখুৱাবলৈ সক্ষম হোৱা নাই।

টি পিৰ উপৰিও এনে সামগ্ৰী এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ সৰবৰাহ কৰিলে সামগ্ৰীৰ জোখ অনুযায়ী প্ৰশাসনৰ বিশেষ অনুমতিৰ প্ৰয়োজন যদিও কাঠ ব্যৱসায়ীয়ে কোনো অনুমতি নোলোৱাকৈ অবৈধ ভাবে ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷ এটি বিশ্বস্ত সুত্ৰই নিউজ নেক্সট ৱানক অবৈধ কাঠৰ ট্ৰাক জব্দ কৰাৰ বিষয়ে অৱগত কৰাৰ লগতে বছৰ বছৰ ধৰি অসম-অৰুণাচলত অবৈধ কাঠৰ ব্যৱসায় চলি অহা বুলি অৱগত কৰে৷

অসম অৰুণাচল সীমান্তত বনাঞ্চল ধ্বংস কৰি অবৈধ ভাবে লাখ লাখ টকাৰ কাঠ ব্যৱসায় চলি আহিছে।আনহাতে কাঠৰগৰাকীয়ে সকলোকে মেনেজ কৰি কাঠৰ গাড়ী বন বিভাগৰ পৰা যিকোনো প্ৰকাৰে মুকলি কৰি নিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷