আজাৰাঃ জন্মভূমিক কোনেনো পাহৰিব পাৰে? জন্মভূমিৰ প্ৰতি টান কাৰনো নাই? সাত সাগৰ তেৰ নদী পাৰ হ’লেও শৰীৰৰ ধমনীত থাকি যায় জন্মভূমিৰ প্ৰতি ভালপোৱা৷ জন্মভূমিৰ বায়ু-পানী-মাটি-মানুহ কাৰনো আপোন নহয়? জন্মভূমিৰ সৈতে প্ৰত্যেকগৰাকী লোকৰে থাকে এৰাব নোৱৰা এক গভীৰ সম্পৰ্ক৷ 

ঠুলুৰো আছে জন্মভূমিৰ প্ৰতি অযুত ভালপোৱা৷ ঠুলুই নিজ জন্মভূমিক মাতৃৰ সৈতে তুলনা কৰে৷ জন্মভূমিৰ আপোন মানুহৰ সৈতে বিলীন হ’ব খোজে ঠুলুৱে৷ আপোন মানুহক আলিংগন কৰি আপোন পাহৰা হ’ব থোজে ঠুলুৱে৷ শৈশৱৰ পঢ়াশালি, গছ-গছনি, চৰাই-চিৰিকতি, শৈশৱৰ সমনীয়াক আজিও ঠুলুৰ বৰকৈ মনত পৰে৷ শৈশৱৰ কথা মনলৈ আহিলে বুকুখন ৰাই-জাই কৰে ঠুলুৰ৷ ঠুলুই থাকিব নোৱাৰা হয়৷ কাকনো ক’ব মনৰ কথা৷ জন্মভূমিৰ কথা ভাবি আৱেগিক হৈ পৰা ঠুলুৱে নীৰৱে চকুলো টুকি হৃদয়ৰ নিভৃত কোণত আজিও সযতনে ৰাখিছে জন্মভূমিৰ স্মৃতিবোৰ৷ 

ঠুলু বাহাদুৰ। ১৩ বছৰীয়া নেপালী ডেকা৷ নেপালৰ ইলাম জিলাৰ তপ্লীজুং সমষ্টিৰ আমচুক গাঁৱৰ বাসিন্দা ঠুলু বাহাদুৰ৷ গাঁওখনৰ সমনীয়াৰ সৈতে খেলি স্কুললৈ গৈ সময় পাৰ কৰে প্ৰতিদিনে৷ খেতিয়ক পৰিয়ালৰ ল’ৰা ঠুলু মাক-দেউতাকৰ বৰ আদৰৰ আছিল৷ আমচুক গাঁৱৰ পথাৰত প্ৰতিদিনে সমনীয়াৰ সৈতে খেলা-ধূলা কৰা, গছত উঠি ফল পাৰি খোৱা, নানা দুষ্টামি কৰি ভাল পাইছিল ঠুলুৱে৷ 

বিধিৰ কি বিপাক ঠুলুৰ পিতৃ-মাতৃয়ে ১৩ বছৰ বয়সতে তেওঁক এৰি এই পৃথিৱীৰ পৰা এৰি গুচি যায়৷ পিতৃ-মাতৃক হেৰুৱাই ঠুলু নিথৰুৱা হৈ পৰে৷ পেটৰ তাড়নাত দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়৷ তাৰ মাজতে এদিন নিজ দেশ এৰি ১৩ বছৰীয়া ঠুলু ভাৰতলৈ কামৰ সন্ধানত গুচি আহে৷ 

১৯৫৯ চনত অচিন ভাৰতলৈ আহি কৰ্মসংস্থাপনৰ সন্ধান কৰে। বহু দিন ঠুলুই অনাই-বনাই ঘূৰি ফুৰিব লগা হয় কামৰ সন্ধানত৷ উত্তৰ-পূৱৰ বহু কেইখন ৰাজ্যত একমাত্ৰ কৰ্মসংস্থাপনৰ বাবে ঘূৰি ফুৰিছিল তেও। মেঘালয়ত কাম কৰাৰ সুবিধা লাভ কৰাৰ লগতে মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ডত বহু বছৰ কাম কৰি জীৱনৰ কেইবাটাও বসন্ত পাৰ কৰে ঠুলুই৷ 

অৱশেষত অসমলৈ আহে ঠুলু৷ গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ লোহাৰঘাট অঞ্চলত থাকি কাম-বন কৰিবলৈ ধৰে৷ লোহাৰঘাট অঞ্চললৈ প্ৰায়ে বজাৰ কৰিব আহে চফল ডেকা ঠুলুৱে৷ বজাৰত তেওঁ এগৰাকী গাভৰুৰ প্ৰেমত পৰে। নাম বিৰজা ৰাভা। কিছুদিন পাছত বিৰজা ৰাভাৰ সন্মতি সাপেক্ষে দুয়োৰে বিয়া হয়৷ 

বিবাহ পাশত আৱদ্ধ হৈ তেওঁলোকে চানডুবিৰ পাৰ্শ্বৱৰ্তী ৰাজাপাৰাৰ হাতীগড় গাঁৱত থাকিবলৈ লয়৷ তেওলোকৰ এতিয়া এগৰাকী কন্যাসহ তিনিটা সন্তান৷ প্ৰথমা সন্তানৰ বয়স ৪০ বছৰৰ ওচৰা-ওচৰি। পুত্ৰ-কন্যাৰ সংসাৰ পাতি দি নাতি-নাতিনীৰ মুখো দেখিছে তেওঁ। 

এতিয়া ৮০ বছৰীয়া ঠুলু বাহাদুৰক মানুহে ঠুলু ৰাভা বুলি হে জানে৷ কিন্তু এতিয়া ঠুলু বাহাদুৰ নতুবা ঠুলু ৰাভাৰ বাবে সময়বোৰ বৰ নিষ্ঠুৰ হৈ পৰিছে৷ ঠুলু ৰাভা এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত। বি বৰুৱা কেন্সাৰ হাস্পতালত ভৰ্তি হৈ চিকিৎসা কৰি ভাল নোপোৱাত উপায়ন্তৰ হৈ মাটিত বাগৰি দিন পাৰ কৰিছে ঠুলুৱে৷ 

পত্নীক ওচৰত বহুৱাই কেৱল শুই থাকে মানুহজনে। তাৰ মাজতে অন্তিম বাৰৰ বাবে নেপালস্থিত তেওঁৰ জন্মস্থান গাঁওখন চাবলৈ বিচাৰে তেওঁ। নিজ পুত্ৰক এবাৰ নেপাললৈ লৈ যাবলৈ কুটুৰি থাকে ঠুলুৱে৷ পিছে আৰ্থিকভাৱে দুৰ্বল, চিকিৎসা কৰবলৈ হাতত ধন নথকা ঠুলু জন্মভূমিলৈ যায়নো কেনেকৈ? তথাপি নাছোৰ-বান্দা থুলু। ৰাইজৰ সহায়-সহযোগ লৈ হ’লেও নিজৰ ওপজা ঠাইখন এবাৰ হেঁপাহ পলুৱাই চাব বিচাৰে ৰোগাক্ৰান্ত ঠুলুৱে।