গৰৈমাৰীঃ আজি দক্ষিণ কামৰূপৰ জোৰশিমুলীত বাসগৃহত বজ্ৰপাত পৰি এগৰাকী মহিলা আহত হোৱাৰ লগতে একেটা পৰিয়ালৰ দুগৰাকী কিশোৰী নিহত হয়। নিহত দুগৰাকী ৰিয়া আখটাৰ (৮) আৰু নাজিমা আখটাৰ (১৩) বুলি জানিব পৰা গৈছে। আৰু আঘাতপ্ৰাপ্ত মহিলাগৰাকী নাম আইমনা খাতুন (৩৫)।

আনহাতে দক্ষিণ কামৰূপৰ হাতীশোলাতো বাসগৃহত বজ্ৰপাত পৰি দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ আঘাতপ্ৰাপ্ত ব্যক্তি দুজন খবিৰুন নেচা (৩৫) আৰু আব্দুল খালেক (৩২)। আহত লোক কেইজন গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও খালেকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷