জয়সাগৰঃ সন্ত্ৰাসৰ সৃষ্টি কৰি শ-শ লোকৰ নিদ্ৰাহৰণ কৰা বনৰজা অৱশেষত মানুহৰ বুদ্ধিৰ সন্মুখত যেন নতশিৰ হ’ল৷ কেবাদিন ধৰি বাঘৰ আতংক বিৰাজ কৰি থকাৰ সময়তে বেচেৰা বনৰজা আবদ্ধ হ’ল পিঞ্জিৰাত৷ উজনিৰ শিৱসাগৰ জিলাৰ মাদুৰিত যোৱা কেবাদিন ধৰি এটি বাঘক লৈ সৃষ্টি হৈছিল আতংকৰ৷ তাৰ পিছতে সোমবাৰে পুৱাই পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো।

বন বিভাগে যোৱা কেবাদিন ধৰি অহৰহ প্ৰচেষ্টাৰ অন্তত দেওবাৰে মাংসৰ লোভত পিঞ্জিৰাত সোমাই আবদ্ধ হয় বাঘটোৱে৷ নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে বাঘ চাবলৈ শ শ লোকে ভিৰ কৰে। ছাগলীক পিঞ্জৰাত দি বন বিভাগে লোভ দেখুৱাই বন বিভাগৰ জালত পৰে নাহৰফুটুকী৷

শিৱসাগৰ জিলাৰ মাদুৰিত সোমবাৰে পুৱা এটা নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হয়। বনবিভাগে মাদুৰীৰ জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাছফালে স্থাপন কৰা এক পিঞ্জৰাত ছাগলী খাবলৈ আহি নাহৰফুটুকীটো আৱদ্ধ হয়। অঞ্চলটোত বহু দিনৰ পৰা গৰু ছাগলী ভক্ষণ  কৰি আহিছে৷