প্ৰতিকী ফটো
প্ৰতিকী ফটো

বঢ়মপুৰঃ দেশত প্ৰায় ৫০০ খন প্ৰাণী অভয়াৰণ্য আছে৷ বন্য জীৱ-জন্তু অভয়াৰণ্য তথা  সংৰক্ষিত এলেকা বুলি কোৱা হয়৷ দেশত প্ৰায় ২৯ খন বাঘৰ বাবে অভয়াৰণ্য অৰ্থাৎ ব্যঘ্ৰ প্ৰকল্পৰ আছে৷ সঞ্চালিত, যি বাঘ সংৰক্ষণৰ বাবে মহত্বপূৰ্ণ। পক্ষী অভয়াৰণ্য আছে যদিও ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰা নাই৷

তাৰ মাজতে দুজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বন পৰিদৰ্শকে অসম ভ্ৰমণ কৰি অসমক শলাগ লৈ বন্যপ্ৰাণীৰ ক্ষেত্ৰত সজাগ বুলি কয় অসমক৷ আনহাতে পৰিদৰ্শকে গঁড় শূণ্য নগাঁৱৰ চামগুৰিৰ বুঢ়াচাপৰিৰ বন্যপ্ৰাণী অভয়াৰণ্য খনক দি থৈ গ’ল এটি সেউজ সংকেত।

ব্যঘ্ৰ প্ৰকল্পৰ বাবে উপয়ুক্ত পৰিবেশ তথা বাতাবৰণ আছে বুলি কৈ থৈ যোৱাত উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী৷ বুঢ়াচাপৰিত ব্যঘ্ৰ প্ৰকল্পৰ ইংগিত দি থৈ যোৱাত শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশবাদী জিলা খনৰ লোক৷  অভয়াৰণ্য খনৰ বিভিন্ন অঞ্চলৰ লগতে কেইবাটাও বন শিবিৰ পৰিদৰ্শন কৰি এই বিষ বিষয়ে চিন্তা-চৰ্চা কৰা হ’ব বুলি কয় পৰিদৰ্শক দুগৰাকীয়ে৷

এই মত ব্যক্ত কৰে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উপস্থিত হোৱা অসমৰ বাঘ্ৰ প্ৰকল্পৰ সৈতে জড়িত তথা কৰ্ণাটক বন বিভাগৰ প্ৰাক্তন জ্যেষ্ঠ বন বিষয়া বি কে সিং আৰু মায়চুৰৰ প্ৰাক্তন জ্যেষ্ঠ বন বিষয়া ভট্টাগৰে। এক বিশেষ আঁচনিৰ বাবে অসমৰ সংৰক্ষিত অৰণ্য তথা অভয়াৰণ্যত ইতিমধ্যেই চলি থকা ব্যঘ্ৰ প্ৰকল্প সমূহৰ পৰিচালনা, পৰিবেশ, আৱস্থা আৰু প্ৰয়োজনীয়তাৰ বাবে পৰিদৰ্শন আৰু তথ্য নিৰুপণৰ বাবে কজিৰঙাৰ পিছতেই বুঢ়াচাপৰিত উপস্থিত হৈছিল বিষয়া দুজন।

উল্লেখ্য যে, ব্যঘ্ৰ প্ৰকল্পৰ অধীনত থকা বুঢ়া বন্যপ্ৰাণী অভয়াৰণ্য খনত এতিয়াও চাৰিটা বৃহৎ আকৃতিৰ ঢেকীয়াপতিয়া বাঘে স্বাভাৱিক অৱস্থাত দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ আছে আৰু যিয়ে ইতিবাচক সংকেত বহন কৰিছে৷ প্ৰকল্পটোৰ জৰিয়তে অভয়াৰণ্য খন বাঘৰ বাবে উপযুক্ত বিচৰণ ভূমি হব পৰাৰ খল আছে।

অৱশ্যে অভয়াৰণ্য খনত দুটাকৈ গঁড়ৰ মৃত্যুৰ পিছত পৰীক্ষামূলক গঁড়ৰ পুনঃসংস্থাপনৰ প্ৰক্ৰিয়া বিফল হৈছিল যদিও গঁড়ৰ পুনঃস্থানান্তৰ কৰণৰ পোষকতা কৰিছে বন বিষয়া দুজনে। ইফালে এই সন্দৰ্ভত পূৰ্ব-প্ৰস্তুতি চলাই থকা হৈছে বুলিও জানিবলৈ দিয়ে নগাঁও জিলা বন্যপ্ৰাণী সংমণ্ডল বিষয়াজনে।