24
Aug
2018

newsnextone.com | টীয়কঃ সৰু আই ৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰুপায়ণ কৰা সৰু আই টীকাকৰণ অভিযান সমগ্ৰ ৰাজ্যৰ বিভিন্ন গ্ৰামাঞ্চলসমূহ সামৰি লোৱা পৰিলক্ষিত হৈছে।
শিশু সকলৰ টীকাকৰণ কৰাই সৰু আই ৰোগৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ লগতে শুকুৰবাৰে যোৰহাট জিলাৰ টীয়কতো স্বাস্থ্য বিভাগে টীকাকৰণ অভিযান পূৰ্ণ গতিত অব্যাহত ৰখা পৰিলক্ষিত হৈছে।
টীয়কৰ প্ৰায় ৭০ শতাংশ শিশুৰ টীকাকৰণ সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে আগন্তক সময়ত টীয়কৰ উপৰিও জিলাখনৰ বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগে টীকাকৰণ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।