খেৰণিঃ পশ্চিম কাৰ্বি আংলঙত পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত কিছু দিনৰ পৰা ৰাইজৰ মাজত পশু পালন সন্দৰ্ভত চলি থকা সজাগতা, প্ৰশিক্ষণ আৰু পশুধন বিতৰণীৰ যি কাৰ্য্যসুচী সেই কাৰ্যসূচী আজিও অব্যাহত আছে পাহাৰীয়া জিলাখনত৷ এনে কাৰ্য্যসূচীৰ অংশ হিচাপে আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ অন্তৰ্গত তেলেহৰত বৃহত্তৰ সমষ্টিটোত থকা মুঠ ৫০ টাকৈ মহিলা আত্ম-সহায়ক গোটক লৈ পশু পালনৰ সন্দৰ্ভত সজাগতা, প্ৰশিক্ষণ আৰু পশুধন বিতৰণীৰ এক বিশেষ সভা অনুষ্ঠিত হয়৷ 

আয়োজিত সজাগতা আৰু প্ৰশিক্ষণত অংশ লোৱা সমষ্টিটোৰ মহিলা আত্ম-সহায়ক গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্যাসকলক পশুধন পালন আৰু বিভিন্ন প্ৰকাৰৰ পশু পালনৰ প্ৰক্ৰিয়াৰ লগতে উপাৰ্জনৰ উংস হিচাপে ইয়াৰ ভুমিকা অথবা গুৰুত্ব কিমান সেই সন্দৰ্ভত বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰে বিভাগীয় বিষয়া আৰু পশু  চিকিৎসকৰ দলটোয়ে৷ বিশেষকৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা বিভাগটোয়ে ইতিমধ্যে গ্ৰহণ কৰি থকা বটা চৰাই পালন আচঁনি সন্দৰ্ভত, বটা চৰাইৰ মাংস ভোজনৰ উপকাৰিতা, এই চৰাই পালন অথবা বংশ বিস্তাৰ আদিৰ সন্দৰ্ভতো প্ৰশিক্ষণ প্ৰদান কৰে৷ 

ইপিনে সজাগতা, প্ৰশিক্ষণ আৰু পশুধন বিতৰণী অনুষ্ঠানত উপস্থিত থকা পৰিষদৰ পৰিষদীয় সদস্য মংগলছিং তিমুঙে কয় যে ‘‘পশুধন পালনৰ যোগেদি নিচলা-দৰিদ্ৰ পৰিয়াল এটাই অতি সহজে নিজৰ আৰ্থিক দৈন্যতা দুৰ কৰিব পাৰে৷ আনকি এই উপাৰ্জনেৰে একো একোটা আত্ম-সহায়ক গোটৰ পৰিয়ালে সুনিশ্চিতভাৱে নিজৰ আৰ্থিক অভাৱৰ উপৰিও অন্যান্য অভাৱ দূৰ কৰিব পাৰে৷ সেয়ে প্ৰত্যেকটো পৰিয়ালে পশুপালনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো বিশেষভাৱে প্ৰয়োজন৷’’

ইফালে তিমুঙে বটা চৰাই পালন সন্দৰ্ভতো ৰাইজক সজাগ কৰি তুলাৰ চেষ্টাৰে "বটা চৰাইৰ মাংসৰ এক বিশেষ উপকাৰিতা আছে আৰু এই চৰাই পালন কৰি এটা পৰিয়ালে সহজে আৰ্থিকভাৱে সবল হব পাৰে" বুলি মন্তব্য কৰে৷ অৱশ্যে অতি পিছপৰা পাহাৰীয়া জিলাখনত থকা পশু পালন আৰু পশু চিকিৎসা বিভাগটো অতি দুৰ্বল অৱস্থাত আছে যদিও বিভাগটোয়ে কিন্তু প্ৰত্যেক বছৰেই পাহাৰীয়া জিলাখনত থকা দৰিদ্ৰ পৰিয়ালৰ লগতে মহিলা আত্ম-সহায়ক গোটসমুহক সহায় আগবঢ়াই আহিছে আৰু অনাগত দিনটো সহায় সহযোগ আগবঢ়াই যাব বুলি কয় তিমুঙে৷

উল্লেখযোগ্য যে আজি অনুষ্ঠিত অনুষ্ঠানৰ যোগেদি মুঠ ৫০ টা মহিলা আত্ম সহায়ক গোটৰ মাজত উন্নত জাতৰ গাহৰি পোৱালী আৰু কুকুৰা পোৱালী বিনামুলীয়াকৈ বিতৰণ কৰি উপাৰ্জনমুখী হোৱাৰ বাট দেখুৱাই দিয়ে আৰু ইয়াৰ প্ৰতি আগ্ৰহী হোৱাৰ আশা প্ৰকাশ কৰে পশু পালন আৰু পশু চিকিৎসাৰ উক্ত বিভাগটোয়ে৷ 

আনহাতে আজিৰ সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সদস্য তথা ৮ নং হামৰেণ সমষ্টিৰ জনপ্ৰতিনিধি মংগলছিং তিমুং উপস্থিত থকাৰ বিপৰীতে হামৰেণ পৰিষদীয় সমষ্টিৰ গাঁও উন্নয়ণ সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’ আৰু গাঁও উন্নয়ণ সমিটিৰ প্ৰাক্তন অধ্যক্ষ ক্ৰমে জয়ছিং ৰংহাং, বিৰেনছিং তিছ’, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ সমবায় সমিটিৰ অধ্যক্ষ জয়ছিং ইংতি, হাৰলংচৰা সমবায় সমিটিৰ অধ্যক্ষ পিটৰ তিমুং, পশু পালন আৰু পশু চিকিৎসা বিভাগৰ জিলা বিষয়া নীলকমল কলিতা আৰু বিভাগটোৰ অন্যান্য বিষয়া-চিকিৎসক আদি উপস্থিত থাকে৷