
টিংখাংঃ ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰি ৰাজ্যৰ প্ৰতিটো বিভাগে আঁচনি ৰূপায়ণ কৰে যদিও আঁচনি সমূহৰ পৰা সৰ্বসাধৰণে সুফল লাভ কৰা খুবেই কম দেখা যায়৷ আন হে নালাগে ৰাজ্যখনৰ জলসিঞ্চন বিভাগটোৰ আঁচনিসমূহৰ পৰা কৃষকে খেতি পথাৰত কেতিয়াও পানী নোপোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া৷
ৰাজ্যখনত বৃহৎ বৃহৎ পানী যোগান আঁচনি আছে যদিও তাৰ পৰা কৃষকে কেতিয়াও উপকৃত নহয়৷ ইয়াৰ মাজতে টিংখাঙৰ কৃষকে এটি আঁচনিৰ পৰা সুফল লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ টিংখাঙৰ চপাতলি জল উত্তোলন আঁচনিৰ পৰা পানী পোৱাটো দূৰৰে কথা আঁচনিৰ দেৱাল হাবিৰ মাজত জহি খহি যাবলৈহো আৰম্ভ কৰিছে।
৪০ লাখ টকা ব্যয় সাপেক্ষে ১৯৮০ চনত তেতিয়াৰ বিধায়ক প্ৰয়াত ভদ্ৰেশ্বৰ গগৈৰ তৎপৰতাত স্থাপন কৰা হৈছিল এই কেন্দ্ৰটো। জলসিঞ্চল আঁচনিখনে সাঙুৰি লৈছিল চপাতলি, গেলেকি, ১নং কেচেৰুগুৰি, ২নং কেচেৰুগুৰি, আৰু ধোৱাপথাৰকে ধৰি এক বৃহৎ অঞ্চলৰ খেতিপথাৰ।
১৯৯৮০-৮১ বৰ্ষত উক্ত জলসিঞ্চন আঁচনিৰ যোগেদি এক প্ৰকাৰ সেউজ বিপ্লৱৰ সূচনা হৈছিল। সোণোৱালী শইচ চপোৱাৰ সপোন সম্পূৰ্ণ হৈছিল অঞ্চলটোৰ শ শ কৃষকৰ। কিছুবছৰ পিছতে বিভাগীয় কৃৰ্তপক্ষৰ অৱহেলাৰ বাবে পৰিত্যক্ত হৈ পৰে জল উত্তোলন কেন্দ্ৰটো৷
যাৰ বাবে লোৰ শিকলি ছিঙি ৫ টা মটৰ আৰু আন যন্ত্ৰপাতিসহ কেন্দ্ৰটোৰ দেৱাল ২০০০ চনতে দিচাং নৈৰ বানত উটি যায়। ফলস্বৰূপে এতিয়া সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে এই জলসিঞ্চনৰ আঁচনিখন। পুনৰ কাৰ্যক্ষম কৰি তুলিবৰ বাবে অঞ্চলটোৰ ৰাইজে বিভাগীয় কৃৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন জনোৱাৰ পাছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা স্থানীয় বিধায়কক জলসিঞ্চনৰ আঁচনিটোক মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাইছে ৰাইজে৷