টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ এটা অতি গুৰুত্বপূৰ্ণ ৰাজপথে জীয়াতু ভোগাই আহিছে কেইবাখনো গাঁৱৰ জনসাধাৰণক।

কেছুৰুগুৰি পৰা বাঘমৰা নিলমণী হৈ মৰাণ-নাহৰকটীয়া ৰাজ্যিক পথত সংযোগ হোৱা পথচোৱাত বৰ্তমান ঠাই ঠাই প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাত সৃষ্টি হৈছে। যাৰ ফলত শ শ লোকৰ আহ-যাহ কৰাত দীৰ্ঘদিন ধৰি অসুবিধাৰ সৃষ্টি হৈ আহিছে। 

উক্ত পথটোৰ বিষয়ে ৰাইজে বহুবাৰ স্থানীয় বিধায়ক বিমল বৰাক অৱগত কৰা পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। 

এই পথৰে সদায় বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থী লগতে ৰোগীয়েও আহ-যাহ কৰিব লগা হয়। শাসনাধিস্থ চৰকাৰৰখনক অতি শীঘ্ৰে উক্ত পথচোৱা মেৰামতি কৰি ৰাইজক যাতায়াত ক্ষেত্ৰত সূচল ব্যৱস্থা কৰি দিবলৈ আহ্বান ৰাইজৰ।